নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত গৃহৰক্ষী জোৱানৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : কোকৰাঝাৰ জিলাৰ অধিন ৰিমিঝিমিৰ ঘোপ গাঁৱৰ মজিবৰ ৰহমান (৩৮) নামৰ এজন গৃহৰক্ষী জোৱানৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে । প্ৰাপ্ত বাতৰি অনুসৰি, গৃহৰক্ষী জোৱান মজিবৰ ৰহমানে কোকৰাঝাৰ পোষ্ট অফিচত কৰ্মৰত আছিল আৰু কালিও আনদিনাৰ দৰে কৰ্ম কৰি ঘৰলৈ যায় যদিও নিশাৰ ভাগত ৰক্তচাপ বৃদ্ধি হোৱাত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে । গৃহৰক্ষী জোৱান মজিবৰ ৰহমানৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি অসংখ্য গুণমুগ্ধই তেওঁৰ গৃহত উপস্থিত হয় আৰু জানাজা সম্পন্ন কৰে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like