ডিজিটেল ডেস্ক, ৪ এপ্ৰিল : মাজত মাথোঁ চাৰি দিন। অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাহমৰাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই প্ৰচাৰ সভাৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমবাসীলৈ আগবঢ়ালে এক বিশেষ উপহাৰ।
মাহমৰাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আছে। এতিয়াৰে পৰা বিহুৰ সময়ত এটা আৰু দুৰ্গাপূজাৰ সময়ত এটাকৈ প্ৰতিঘৰ লোকেই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব। অৱশ্যে এই দুটা চিলিণ্ডাৰৰ বাবে ৰাইজে কোনো ধন ব্যয় কৰিব নালাগে বুলি স্পষ্ট কৰি দিয়ে তেওঁ। এই ব্যয় সম্পূৰ্ণ চৰকাৰে বহন কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।