ডিজিটেল ডেস্ক, কৰ্দৈগুৰি, ৪ এপ্ৰিল : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকালৈ চাই শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ৮১নং শদিয়া বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী বলীন চেতিয়া, বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদীশ ভূঞা, নিৰ্দলীয় তিনিগৰাকী প্ৰাৰ্থী ললিত দেউৰী, আব্ৰাহাম তিৰ্কী আৰু দিলীপ বৰগোহাঁইকে ধৰি পাঁচগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
সমষ্টিটোত পাঁচগৰাকী ব্যক্তিয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছে যদিও মূল যুঁজখন শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী বলীন চেতিয়া আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ মাজতে সীমাবদ্ধ হ’ব । সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বিধায়ক বলীন চেতিয়াই ২০০৬, ২০১১ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকটত আৰু ২০১৬, ২০২১ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত নিৰ্বাচন খেলি সমষ্টিটোৰ চাৰিটা কাৰ্যালয়ৰ বিধায়ক হয়।
আনহাতে, বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদীশ ভূঞাই ১৯৯৬ আৰু ২০০১ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা অগপ দলৰ টিকটত নিৰ্বাচন খেলি দুটা কাৰ্যকালৰ সমষ্টিটোৰ বিধায়ক হয়। আনহাতে, ২০০৬ আৰু ২০১১ চনৰ নিৰ্বাচনত অগপৰ টিকটত আৰু ২০২১ চনৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বলীন চেতিয়াৰ হাতত পৰাজিত হৈ আহিছে জগদীশ ভূঞা। ২০১৬ চনত জগদীশ ভূঞাই বিজেপি দলত যোগদান কৰি কেইমাহমান দলটোত থকাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।
শাসকীয় দলৰ প্ৰাৰ্থী বলীন চেতিয়াৰ হৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোটাৰৰ বিপুল সঁহাৰি পোৱা দেখা গৈছে । আনহাতে, বিজেপি দলৰ কৰ্মীসকলেও বুথে বুথে, ভোটাৰৰ চোতালে চোতালে বলীন চেতিয়াৰ হৈ প্ৰচাৰ কৰিছে। বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ হৈ প্ৰচাৰ চলাবলৈ এতিয়ালৈকে কোনো ষ্টাৰ কেম্পেইনাৰ সমষ্টিটোলৈ অহা নাই । মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদীশ ভূঞাই দলীয় সমৰ্থকক লগত লৈ যিমান পাৰে সমষ্টিটোত প্ৰচাৰ কাৰ্য চলাই আছে। সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব, ৯ এপ্ৰিলত ভোটাৰেহে নিৰ্ধাৰণ কৰিব ।