নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত কাঠভৰ্তি ব’লেৰো পিকআপ ভেনসহ চাৰিজনক আটক

ডিজিটেল ডেস্ক, আগমনি, ১৭ জুলাই : বনধ্বংসকাৰীৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে এক অভিযান চলায়। অভিযোগ অনুসৰি নিতৌ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলৰ পৰা ধুবুৰীৰ গৌৰীপুৰ, বালাজান, গোলকগঞ্জ, আগমনি, হালাকুৰা আৰু ছাগলীয়া হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পশ্চিমবংগলৈ যায় কাঠভৰ্তি বাহন।

যোৱানিশা পশ্চিমবংগলৈ যোৱাৰ পথত চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গোলকগঞ্জ আৰক্ষীয়ে এ এছ-০১ চি-৫৯০৯ নম্বৰৰ বলেৰো পিকআপ ভেন এখন জব্দ কৰি বাহনখন ধুবুৰী বন বিভাগক গতাই দিয়ে।

ইপিনে, বাহনখনত থকা লোহাজানী গাঁৱৰ আইনুল হক, উত্তৰ ৰাইপুৰ গাঁৱৰ আশ্ৰাফুল হক, আব্দুল মালিক শ্বেইখ আৰু মজনু আহমেদক আটক কৰিছে। উল্লেখ্য যে অসমৰ বন বিভাগে কাঠ মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও একাংশ দুষ্ট চক্ৰই বনধ্বংস অব্যাহত ৰাখিছে ।

You might also like