নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা মহাবিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ তথা সেৱা, সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ ৮ বছৰ বিষয়ক ফটো প্ৰদৰ্শনী

  • স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলৰ ত্যাগৰ গাথাক স্মৰণ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন (CBC), আঞ্চলিক কাৰ্য্যালয়, গুৱাহাটীৰ উদ্যোগত আজিৰেপৰা গোৱালপাৰা মহাবিদ্যালয়ত দুদিনীয়া ফটো প্ৰদৰ্শনী আৰু প্ৰচাৰ কাৰ্য্যসূচীৰ আৰম্ভ হয়। প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে আজাদী কা অমৃত মহোৎসৱ তথা সেৱা, সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ ৮ বছৰ।

প্ৰদৰ্শনীখনি উদ্বোধন কৰি গোৱালপাৰাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে কয় যে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে জনসাধাৰণক তেওঁলোকৰ অৱদান সম্পৰ্কে জ্ঞাত কৰিবলৈ দেশখনে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে। তেওঁ লগতে কয় যে চৰকাৰে জনসাধাৰণৰ বাবে একাধিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এনে ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে সাধাৰণ জনতা চৰকাৰৰ কাৰ্য্যক্ৰম আৰু নীতিৰাজিৰ প্ৰতি অধিক সজাগ হ’ব।

ইয়াত ভাষণ প্ৰদান কৰি গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ সুভাষ বৰ্মনে ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শৰাজিক স্মৰণ আৰু এইসমূহ অনুসৰণ কৰিবলৈ আহ্বান জনায়।

ইয়াত আদৰণি ভাষণ প্ৰদান কৰি চিবিচি, গুৱাহাটীৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে এই কাৰ্য্যসূচীৰ লক্ষ্য আৰু তাৎপৰ্য্য সম্পৰ্কে ব্যক্ত কৰে। এই কাৰ্য্যসূচীত গোৱালপাৰাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া পিকে দাস, বিশিষ্ট লেখক  দিলীপ শৰ্মা আৰু গোৱালপাৰাৰ বিশিষ্ট সাংবাদিক আব্দুছ চুবাহুম উপস্থিত থাকে।

উক্ত দুদিনীয়া প্ৰদৰ্শনীত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহু অখ্যাত নায়কৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ একাধিক ফটো পেনেল থূপাই প্ৰদৰ্শন কৰা হৈছে। ইয়াত বিগত ৮ বছৰত চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু ৰূপায়ণ কৰা আঁচনিসমূহৰে সম্পৰ্কীয় তথ্যৰাজিও প্ৰদৰ্শন কৰা হয়। এই দুদিনীয়া কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, কুইজ আৰু আকস্মিক বক্তৃতাকে প্ৰমুখ্য কৰি ভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

ইয়াত চিবিচি, গুৱাহাটীৰ অধীনত ব্যক্তিগত পঞ্জীয়নভুক্ত দল আৰু স্থানীয় শিল্পীসকলে আজাদী কা অমৃত মহোৎসৱ বিষয়ক ভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

You might also like