নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতকালৰ যাত্রাৰ আৰম্ভণিতে…

(চতুর্থ খণ্ড)

  • শান্তিৰ বাটৰ এটা লক্ষ্য

শ্রদ্ধাৰ ৰাইজ, অসমত শান্তিৰ বাটত আমাৰ এতিয়া মাত্র এটা লক্ষ্য অতিক্রম কৰিবলৈ বাকী আছে৷ আলফাৰ সৈতে শান্তি আলোচনাৰ পাছতে অসম এক শান্তিৰ দ্বীপত পৰিণত হ’ব৷ পৰেশ বৰুৱা ডাঙৰীয়াই যেতিয়া ৪৩ বছৰ পূর্বে সশস্ত্র সংগ্রামৰ পথ লৈছিল, সেই সময়ৰ অসমৰ পৰিৱেশ আৰু আজিৰ অসমৰ পৰিৱেশ একে নহয়৷ আজি অসম প্রগতি আৰু বিকাশৰ এক নতুন কেন্দ্র৷ দৰিদ্রতা নির্মূলৰ এক শক্তিশালী আধাৰ আজি অসমে নির্মাণ কৰিছে৷ অসমীয়া জাতিয়ে নিজৰ অস্তিত্বৰ সংকটত ভুগিও, জাতীয় জীৱনলৈ আহিবলগীয়া বিপদ নিশ্চিত বুলি জানিও সেই বিপদক পৰাজয় কৰিবলৈ আজি অসমীয়া জাতি ঐক্যবদ্ধ হৈছে৷ কাৰোবাৰ দেশপ্রেমক মই প্রশ্ণ নকৰোঁ৷ কিন্তু অসমৰ নতুন প্রজন্মৰ এখন শান্তিৰ অসম লাভ কৰাৰ অধিকাৰ আছে৷ অসমৰ নতুন প্রজন্মই অসমৰ অস্তিত্ব ৰক্ষাৰ লগে লগে বিশ্বৰ দৰবাৰত অসমক আটাইতকৈ শ্রেষ্ঠ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাৰ বাবে যি সংকল্প গ্রহণ কৰিছে, সেই সংকল্পক আগুৱাই দিয়াৰ আমাৰ দায়িত্ব আছে৷ মই আজিৰ এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ এক আহ্বান জনাব বিচাৰিছোঁ৷ যদি অসমবাসী ৰাইজৰ চিন্তাৰ পৰিৱর্তন হৈছে, সেই চিন্তাৰ পৰিৱর্তনে আলফাকো স্পর্শ কৰা উচিত৷ মই বিশ্বাস কৰোঁ যে আলফাৰ যিসকল সেনানী আছে, যিসকল মূলসুঁতিৰ পৰা আঁতৰি যোৱা যুৱক আছে, সর্বাধিনায়কৰ পৰা শেষৰজন ব্যক্তিলৈকে, আপোনালোকে এই শান্তিৰ অসমখনলৈ উভতি আহক৷ এই শান্তিৰ অসমতে আমি সকলোৱে কর্ম–সংস্কৃতি আৰু স্বদেশপ্রেমেৰে উদ্ভাসিত হৈ এখন শক্তিশালী অসমৰ বুনিয়াদ নির্মাণৰ কাৰণে একেলগে কাম আৰম্ভ কৰোঁ৷ মোৰ বিশ্বাস, অহা কিছু বছৰতে হওক বা কেইটামান দিনতে হওক, কেইটামান মাহতে হওক বা কেইটামান বছৰৰ ভিতৰতে হওক, অসমে নিশ্চয় শান্তিৰ পথত থকা শেষ মাইলো স্পর্শ কৰিবলৈ সক্ষম হ’ব৷ তেনে আশা আৰু বিশ্বাসেৰে মই গণৰাজ্য দিৱসৰ দিনা অসমবাসী ৰাইজৰ সৈতে মোৰ আশা–আকাংক্ষাসমূহ ভগাই লোৱাৰ প্রচেষ্টা কৰিছেছা৷
ৰাইজৰ প্রতি আহ্বান
শ্রদ্ধাৰ ৰাইজ, মোৰ ভাষণৰ সমাপ্তিৰ সময়ত মই ৰাইজক কেইটামান কথা, কেইটামান পৰামর্শ, কেইটামান আশা অৱগত কৰিব বিচাৰিছেছা৷ শ্রদ্ধাৰ ৰাইজ, আমাৰ মাজত বহু লোক আছে, যিসকলক ভগৱানে নিজৰ পৰিয়ালৰ লগতে আনৰ বাবেও কাম কৰাৰ বাবে কিছু হ’লেও ক্ষমতা দিছে৷ ভগৱানৰ ওচৰত তাৰবাবে আমি কৃতজ্ঞ হোৱা উচিত৷ অজস্রজনৰ দৰিদ্রতাৰ মাজত, অজস্র দুখীয়াৰ মাজত ভগৱানে যদি কাৰোবাৰ হাতত অলপ হ’লেও টকা–পইচা দিছে, ভগৱানে নিশ্চয় আশা কৰে যে সেই টকা–পইচাৰ কিছু অংশ নিজৰ পৰিয়ালৰ লগতে জনসাধাৰণৰ কল্যাণৰ বাবেও ব্যৱহাৰ হ’ব৷ মই অসমবাসীক, সেই সামর্থ্যৱান লোকসকলক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে নিজৰ চুবুৰিত, গাঁৱত থকা একো একোটা অংগনৱাডী কেন্দ্রক প্রতিপালনৰ বাবে গ্রহণ কৰে৷ একো একোটা অংগনৱাডী কেন্দ্র তেওঁলোকে যদি গ্রহণ কৰিব পাৰে, তাত তেওঁলোকেআগবঢ়োৱা সহায়, পৰামর্শ আৰু প্রচেষ্টাই সেই অংগনৱাডী কেন্দ্রত থকা শিশুসকলক ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ বাবে অৰিহণা যোগাব৷ মই অসমবাসী ৰাইজক, সামর্থ্যৱান অসমবাসী ৰাইজক নিজৰ গাঁৱৰ, নিজৰ চুবুৰিৰ অংগনৱাডী কেন্দ্রসমূহ গ্রহণ কৰাৰ বাবে আজি এই গণৰাজ্য দিৱসৰ দিনা আহ্বান জনালোঁ৷
শ্রদ্ধাৰ ৰাইজ, প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগক বিলুপ্ত কৰাৰ বাবে সংকল্প গ্রহণ কৰিছে৷ প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে আমি প্রতিজনে একো একোজন যক্ষ্মা ৰোগীৰ দায়িত্ব ল’ব লাগে৷ যিসকল মহানুভৱ ব্যক্তিয়ে এই আন্দোলনৰ সৈতে জডিত হ’ব খোজে তেওঁলোকৰ বাবে চৰকাৰে ইতিমধ্যে প’র্টেলৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা গ্রহণ কৰিছে৷ মই অসমবাসী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে এজন এজন যক্ষ্মা ৰোগীক নিৰোগী কৰাৰ দায়িত্ব গ্রহণ কৰক আৰু ভাৰতবর্ষখনক এখন যক্ষ্মামুক্ত ৰাষ্ট্র আৰু অসমক এখন যক্ষ্মামুক্ত ৰাজ্য হিচাপে নির্মাণ কৰাত সহায় আগবঢ়াওক৷
শ্রদ্ধাৰ অসমবাসী ৰাইজ, বহু বছৰ চাকৰি কৰাৰ পাছত আমি এটা সময়ত অৱসৰ ল’ব লাগিব৷ ষাঠি বছৰ বয়সত যেতিয়া আমি অৱসৰ ল’ম, শৰীৰে তেতিয়াও আৰু বহু কাম কৰিবলৈ সক্ষমতা ৰাখে৷ চৰকাৰী ফাইলত আমি অৱসৰ লওঁ, কিন্তু আমাৰ চিন্তাই অৱসৰ নাপায়, শৰীৰৰ উদ্যম স্তব্ধ হৈ নাযায়৷ মই আমাৰ অৱসৰপ্রাপ্ত কর্মচাৰী–শিক্ষক, বিশেষকৈ শিক্ষক সমাজক আহ্বান জনাম যে আপোনালোকে যিখন বিদ্যালয়তে পাৰে সেইখন বিদ্যালয়তে শিক্ষাদান আৰম্ভ কৰক৷ সপ্তাহত অন্ততঃ দুটা দিনকৈ আপোনালোকে স্কুলখনলৈ যোৱা আৰম্ভ কৰক৷ আপোনালোকৰ এই তৎপৰতাৰ বাবে শৰীৰটোও ডপকৃত হ’ব আৰু অসমৰ ছাত্র সমাজো আপোনালোকৰ অভিজ্ঞতাৰ পৰা লাভান্বিত হ’ব৷ মই অসমৰ গাঁৱে–ভূঞে বাস কৰা অৱসৰপ্রাপ্ত শিক্ষক–শিক্ষয়িত্রীস চৰকাৰৰ নতুন আঁচনিত পঞ্জীয়ন কৰি গাঁৱৰ বিদ্যালয়খনতে শিক্ষা দিয়াৰ বাবে আহ্বান জনাইছেছা৷ এই প্রচেষ্টা আপোনালোকৰ মানৱীয়তা আৰু ছাত্র–ছাত্রীসকলৰ প্রতি ভালপোৱাৰ আধাৰত হ’ব লাগিব, কোনো পাৰিশ্রমিকৰ আধাৰত নহয়৷ তেনে এক আহ্বান মই আপোনালোকৰ ওচৰত দাঙি ধৰিব খোজেজা৷
শ্রদ্ধাৰ ৰাইজ, আমি বিদ্যাঞ্জলি আঁচনি আৰম্ভ কৰিছিলোঁ৷ আমি পঢ়া বিদ্যালয়খনক কিবা এটা প্রকাৰে ঋণ পৰিশোধৰ বাবে এই আঁাঁচনি আৰম্ভ কৰা হৈছিল৷ ইতিমধ্যে ৰাজ্যৰ জনসাধাৰণে অত্যন্ত নির্মল অন্তৰেৰে নিজে পঢ়া বিদ্যালয়খনলৈ গৈ বিদ্যাঞ্জলি অনুষ্ঠানৰ জৰিয়তে কিবা নহয় কিবা দান দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে৷ অহা দিনবোৰতো বিদ্যাঞ্জলিৰ দৰে মহত্ত্বম কার্যসূচীৰ লগত প্রতিখন বিদ্যালয়ৰে প্রাক্তন ছাত্র–ছাত্রীসকলক জডিত হ’বলৈ মই পুনৰ আহ্বান জনালোঁ৷
শ্রদ্ধাৰ ৰাইজ, মই এটা সম্পূর্ণ নতুন দিশৰ প্রতি আপোনালোকৰ দৃষ্টি আকর্ষণ কৰিব খুজিছোঁ৷ আমাৰ দেশে মহিলাসকলৰ সর্বোত্তম কল্যাণ সুনিশ্চিত কৰাৰ বাবে সর্বোচ্চ গুৰুত্ব দিছে৷ আমাৰ ৰাজ্যখনত প্রসূতিৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ হ্রাস কৰিবলৈও আমি যুঁজ দিছোঁ৷ এইক্ষেত্রত কিছু সফলতা লাভ কৰিছেছা যদিও সম্পূর্ণ সফলতা লাভ কৰিব পৰা নাই৷ ভাৰত চৰকাৰৰ বিভিন্ন স্বাস্থ্য বিষয়ক জৰীপতএই কথা প্রমাণ হৈছে যে অসমত চলি থকা বাল্য বিবাহ আৰু সৰুকালতে সন্তান জন্ম দিয়াৰ যি প্রৱণতা, সিয়েই মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি কৰাত এক মুখ্য ভূমিকা গ্রহণ কৰিছে৷ আজি আমাৰ সমগ্র ৰাজ্যখনত ৩১.৮ শতাংশ কন্যা শিশুৱে নির্ধাৰিত বয়সৰ তলত বিয়াত আবদ্ধ হৈছে৷ শৈশৱৰ সময়তে মাতৃত্বৰ বোজা ল’বলৈ তেওঁলোকক বাধ্য কৰোৱা হৈছে৷ আজি এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ অসম চৰকাৰে বাল্য বিবাহ আৰু কম বয়সতে সন্তান জন্ম দিয়া ব্যৱস্থাৰ বিৰুদ্ধে এক যুদ্ধ ঘোষণা কৰিব খুজিছে৷ অহা তিনিটা বছৰত অসমৰ এই পৱিত্র ভূমিৰ পৰা আমি বাল্য বিবাহৰ ব্যৱস্থাক নির্মূল কৰিম৷ বাল্য বয়সতে কন্যা সন্তানক মাতৃত্বৰ বোজা ল’বলৈ বাধ্য কৰোৱা পুৰুষক আমি কঠোৰ শাস্তি বিহিবলৈ সিদ্ধান্ত গ্রহণ কৰিছেছা৷ মই অসমবাসী ৰাইজক এই সামাজিক আন্দোলনৰ সৈতে জডিত হ’বলৈ আহ্বান জনাওঁ৷ আমাৰ কন্যা সন্তানক বাল্য বয়সতে বিয়া হ’বলৈ প্রেৰণা যোগোৱা কাজি, পূজাৰী, দেৱানীসকলক সাৱধানবাণী শুনাব খুজিছোঁ যে অসম চৰকাৰে আপোনালোকৰ বিৰুদ্ধে সকলো ধৰণৰ প্রচেষ্টা আৰু ব্যৱস্থা ল’ব, যাতে আপোনালোকে এই সামাজিক অপকর্ম আৰু বহু বেছি দিনলৈকে অসমত চলাই ৰাখিব নোৱাৰে৷ আজি মোৰ এই বক্তব্যক আপোনালোকে সাৱধানবাণী বুলি গণ্য কৰিব৷ অসমৰ প্রতিগৰাকী কন্যা সন্তানৰ শিক্ষাৰ অধিকাৰ আছে৷ তেওঁলোকৰো আন কন্যা সন্তানৰ দৰে সম্পূর্ণ শিক্ষা লাভ কৰাৰ অধিকাৰ আছে৷ তাৰ পৰা তেওঁলোকক বঞ্চিত কৰাৰ ব্যৱস্থা আমি কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ সেইবাবে এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ বাল্য বিবাহ আৰু বাল্য অৱস্থাতে সন্তান জন্ম দিবলৈ বাধ্য কৰোৱা পুৰুষসকলৰ বিৰুদ্ধে এক যুদ্ধ আজিৰ দিনটোৰ পৰাই আমি ঘোষণা কৰিছোঁ৷
শ্রদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকে এইক্ষেত্রত আমাক নিশ্চয় সহায় আৰু সহযোগিতা আগবঢ়াব৷ মই আপোনালোকৰ পৰা এই সামাজিক যুদ্ধখনৰ বাবে আশীর্বাদ বিচাৰিছেছা৷ আপোনালোকে আপোনালোকৰ এজন সন্তান হিচাপে মোক এই মহান কার্য সম্পাদন কৰাৰ বাবে প্রেৰণা দিয়ক, আশীর্বাদ দিয়ক, তাকে অত্যন্ত বিনম্রতাৰে প্রতিগৰাকী অসমবাসী ৰাইজৰ ওচৰত মই প্রার্থনা কৰিছোঁ৷
ঘোষণা
শ্রদ্ধাৰ ৰাইজ, শান্তিৰ প্রচেষ্টা আৰু শান্তিৰ ব্যৱস্থাত বডোলেণ্ডত আমি স্বাক্ষৰ কৰা চুক্তিখন এক মাইলৰ খুঁটিত পৰিণত হৈছে৷ ত্রিৰংগ পতাকাৰ তলত থিয় হৈ আমি বডো চুক্তিত ঘোষণা কৰা আৰু এক প্রতিশ্রুতি পালনৰ ঘোষণা কৰিব খুজিছেছা৷ আমি সংকল্প লৈছিলোঁ যে বি টি আৰৰ সীমাক আমি গহপুৰলৈকে বৃদ্ধি কৰিম৷ সমস্ত সীমা নহয়, কিছুমান নির্দিষ্ট গাঁও, য’ত বডো লোকসকল বাস কৰে, সেই গাঁওসমূহ আমি বিটিআৰৰ অন্তর্ভুক্ত কৰিম৷ সেই পদক্ষেপৰ অংশ হিচাপে এতিয়া চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ ৮০ শতাংশতকৈও বেছি বডো লোক বাস কৰা ৪৩খন ৰাজহ গাঁও আৰু ১৭খন বনগাঁৱক বিটিআৰৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তৰ কথা আজি এই পৱিত্র দিনতে আমি ঘোষণা কৰিছেছা৷ ইয়াৰ সমান্তৰালভাৱে ২০২০ চনৰ জানুৱাৰীত সম্পাদিত বডো চুক্তিৰ আন এক দফা অনুসৰি বডোলেণ্ড আন্দোলনত নিহত ২০১গৰাকী শ্বহীদৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত ঘোষণা কৰিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ৷ আগন্তুক সময়ত এই তালিকাৰ পৰিসৰ অধিক বৃদ্ধি পাব৷ ইয়াৰ লগে লগে বডোফা উপেন্দ্র নাথ ব্রহ্মৰ জন্ম দিৱস ৩১ মার্চৰ দিনটোক আমি ছাত্র দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ৷
শ্রদ্ধাৰ ৰাইজ, আজিৰ দিনটোত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৩৪৭গৰাকী কাৰাবন্দীক আমি ক্ষমাদান কৰিছোঁ৷ ভাৰতীয় সংবিধানৰ ১৬১নং অনুচ্ছেদ অনুসৰি অসম চৰকাৰে বলাৎকাৰ বা যৌতুক দাবীৰ দৰে গুৰুতৰ অপৰাধত লিপ্ত নথকা ২,৩৪৭গৰাকী ব্যক্তিক কাৰাবাসৰ পৰা মুক্তিৰ নির্দেশ দিছে৷
শ্রদ্ধাৰ ৰাইজ, গণৰাজ্য দিৱসৰ এই পৱিত্র দিনটোত পুনৰ এবাৰ স্বাধীনতা সংগ্রামৰ সেই বীৰ শ্বহীদসকললৈ মোৰ ভক্তিভৰা শ্রদ্ধাঞ্জলি অর্পণ কৰিছোঁ আৰু এখন সোণোৱালী, বিকশিত, গৌৰৱময় অসম আৰু বিশ্বৰ ভিতৰতে এখন সর্বশ্রেষ্ঠ ভাৰতৰ সপোনেৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ৷

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল–
অ’ মোৰ দেশৰ নৰ–নাৰী৷
কায়–বাক্যমনে
সচিতে সপোনে
দেশ প্রাণতাৰ অনলেৰে
জাতীয়–ৰাষ্ট্রীয়, চেতনাৰে
তোলা দাবানল উজাৰি,–

দেশ ৰক্ষা কৰাৰ আৰু দেশ ধ্বংস
কৰাৰ তুমিয়ে একমাত্র অধিকাৰী–
প্রচণ্ডতম দেশ–প্রাণতাৰ, জাতীয়–ৰাষ্ট্রীয় চেতনাৰ
উন্মাদ–উত্তাল তৰংগ,
দেশৰ বিৰাট জনতাৰ মহাসমুদ্রত উতলাই তোলা
তেহে হ’ব দেশ–শত্রুৰ আক্রমণবোৰ নাইকিয়া,
নিৰাপদ হ’ব ৰক্ষা পৰিব
দেশ আৰু জাতি বিনন্দীয়া ৷
আমাৰ দেশ আৰু জাতি বিনন্দীয়া হওক, ভাৰতবর্ষ বিশ্বৰ শ্রেষ্ঠতম ৰাষ্ট্র হওক, অসম ভাৰতৰ পাঁচখন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হওক– সেই আশা আৰু মহান সংকল্পৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছেছা৷
জয় মা ভাৰতী৷
জয় আই অসম৷

You might also like