নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কেঞ্চাৰৰ চিকিৎসা ব্যৱস্থাক প্রশংসা কেন্দ্ৰীয় চৰকাৰৰ

🎯কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমাদৃত অসমৰ স্বাস্থ্যখণ্ড

🎯আন ৰাজ্যক অসমৰ পথ অনুসৰণ কৰাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উচ্চ প্রশংসিত হৈছে। কৰ্কট ৰোগৰ নিৰাময়ৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সু-পৰিকল্পনা অনুসৰি ৰাজ্যৰ প্রান্তে প্রান্তে কেইবাখনো কর্কট চিকিৎসালয় স্থাপন কৰা হৈছে। অসম চৰকাৰে এক সুনির্দিষ্ট পৰিকল্পনাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যি যুঁজ আৰম্ভ কৰিছে ইয়াক উচ্চ প্রশংসা কৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৰাজ্যসমূহক অসম মডেল অনুসৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। ভাৰত চৰকাৰৰ জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্রানী কৌশলে সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব, মেডিকেল শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু মেডিকেল শিক্ষা বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসা সুবিধা শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে। কেন্সাৰ কেয়াৰৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত সমগ্র দেশতে ৩৯ খন ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউট, কেন্সাৰ কেয়াৰ চেণ্টাৰক নানা ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে। এই প্রকল্পসমূহৰ ভিতৰত মাত্র ১১ টা প্রকল্পহে বর্তমানলৈ সম্পূর্ণ হৈ উঠিছে। অসমে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ প্রশংসনীয় কাম কৰা বুলি অভিহিত কৰি জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্রানী কৌশলে ২৭ মাৰ্চত সকলো ৰাজ্যলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে অসমে তিনিটা পর্যায়ত কেন্সাৰ কেয়াৰ মডেল ৰূপায়ণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে অলপতে অনুষ্ঠিত কৰা এখন পর্যালোচনা বৈঠকত অসম চৰকাৰে কিদৰে তিনিটা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সুনির্দিষ্ট পৰিকল্পনা প্রস্তুত কৰি তাক ৰূপায়ণ কৰিছে সেয়া আলোচনা কৰি আন ৰাজ্যয়ো যাতে এই মডেল গ্ৰহণ কৰে তাৰ প্ৰতি আহ্বান জনোৱা হৈছিল। এই সম্পর্কত আনকি মন্ত্রালয়ে ২০২২ চনৰ ৪ জুলাইতো আন ৰাজ্য চৰকাৰসমূহলৈ পত্ৰ প্ৰেৰণ কৰি অসমৰ কেন্সাৰ কেয়াৰ মডেল গ্ৰহণৰ বাবে আহ্বান জনাইছিল। পত্ৰখনত লগতে উল্লেখ কৰা হয় যে শেহতীয়াভাৱে বিভাগ সম্পর্কীয় সংসদীয় স্থায়ী কমিটীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ওপৰত প্ৰস্তুত কৰা প্রতিবেদনত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰসমূহত যথোপযুক্ত মানৱ সম্পদ নিয়োগ কৰাৰ ওপৰত জোৰ দিছিল। কিদৰে প্ৰয়োজনীয় মানৱ সম্পদ নিয়োগ কৰি কৰ্কট ৰোগৰ চিকিৎসা কৰিব পাৰি তাৰ যথোপযুক্ত অসমৰ স্বাস্থ্য বিভাগ আন ৰাজ্যৰ বাবে অনুকৰণীয় হৈ পৰিছে। আভাস অসমৰ পৰা পাব পাৰি আৰু সেয়ে অসমৰ কেন্সাৰ কেয়াৰ মডেলক গ্ৰহণ কৰিবলৈ বাৰম্বাৰ আন ৰাজ্যসমূহক নির্দেশ দিয়ে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ২৭ মাৰ্চত প্রেৰিত পত্ৰত। অসমে যিদৰে কেন্সাৰ কেয়াৰ মডেল গ্রহণ কৰি ইয়াক ৰূপায়ণ কৰাৰ দিশত কাম কৰিছে সেই একেই ধৰণে আন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহকো অসমৰ দৰেই নীতি গ্রহণ কৰি কি কি পদক্ষেপ গ্রহণ কৰিলে সেই সম্পর্কীয় প্রতিবেদন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়লৈ প্ৰেৰণ কৰাৰ বাবেও নির্দেশ দিছে জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্রানী কৌশলে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এয়া নিতান্তই শুভ বতৰা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু দেশৰ আন ৰাজ্যৰ বাবে পাথেয় হৈছে আৰু কেন্দ্ৰীয় চৰকাৰেও ইয়াক উচ্চ প্রশংসা কৰি আন ৰাজ্যক কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্রত অসম মডেল গ্ৰহণৰ বাবে নির্দেশ দিছে। স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছৰে পৰাই কর্মদক্ষতাৰে বিভাগটোক সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই আজি অসমৰ স্বাস্থ্য বিভাগ আন ৰাজ্যৰ বাবে অনুকৰণীয় হৈ পৰিছে।

You might also like