নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রীড়া প্রাধিকৰণৰ ইষ্টেট অফিচাৰ (Estate Officer) পদ খালী

অসম ক্রীড়া প্রাধিকৰণত(Sports Authority of Assam) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ প্রাধিকৰণৰ সচিবে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Estate Officer (১)ৰ পদত অচিৰেই যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী কলা/বিজ্ঞান/বাণিজ্যত স্নাতক ডিগ্রীধাৰী অথবা শাৰীৰিক শিক্ষা বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ ক্রীড়া বিভাগত আবেদনকাৰীৰ অতিকমেও দুবছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷

নিযুক্তিৰ ক্ষেত্রতInventory Management of Sports Equipments বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে ২০,০০০ টকা লাভ কৰিব৷ প্রার্থীৰ বয়স ২১–৩৮ বছৰ৷ আগ্রহীসকলে যাৱতীয় নথিপত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইল[email protected]যোগে প্রেৰণ কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০২০৷ যোগ্য বিবেচিত প্রার্থীক পৰৱর্তী পর্যায়ত সাক্ষাৎকাৰলৈ আমন্ত্রণ জনোৱা হ’ব৷

You might also like