নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱশর্মাক শংকৰদেৱ বঁটা প্রদান

সত্র–নামঘৰ জীয়াই থাকিলেহে সংস্কৃতি ৰক্ষা পৰিব- বশিষ্ঠ দেৱশর্মা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰপেটা সত্রৰ সত্রাধিকাৰ তথা অসমীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱশর্মা বুঢ়া সত্রীয়াক ২০১৭ বর্ষৰ শ্রীমন্ত শংকৰদেৱ ৰাষ্ট্রীয় বঁটা প্রদান কৰা হয়৷ শ্রীমন্ত শংকৰদেৱৰ ৫৭২সংখ্যক আৱির্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেৰ উপস্থিতিত সত্রাধিকাৰ বশিষ্ঠ দেৱশর্মা বুঢ়া সত্রীয়াক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰে৷ বঁটাত আছে নগদ পাঁচ লাখ টকা, এটি সোণৰ পদক আৰু প্রশস্তি–পত্র৷ বঁটা গ্রহণ কৰি সত্রাধিকাৰগৰাকীয়ে তেওঁক এই বঁটা প্রদান কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

সত্রাধিকাৰগৰাকীয়ে লগতে আৰু কয় যে সত্র–নামঘৰ জীয়াই থাকিলেহে অসমীয়া সংস্কৃতি জীয়াই থাকিব৷ সত্র–নামঘৰৰ জৰিয়তে নৱপ্রজন্মৰ মাজত গুৰুজনাৰ আদর্শ বিয়পাই দি সংস্কৃতিৱান সমাজ গঢ়ি তুলিব লাগিব৷ লোক–সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্রতো সত্র–নামঘৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ সেয়েহে সত্র আৰু নামঘৰ ৰক্ষাৰ ক্ষেত্রত চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে ইয়াৰ সন্মানত আঘাত হানিবলৈ আগবাঢ়ি অহা প্রতিটো অপশক্তিক দমন কৰাৰ ক্ষেত্রত চৰকাৰক কঠোৰ হ’বলৈ তেওঁ আহ্বান জনায়৷ অৱশ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে সত্রৰ লগতে গুৰুজনাৰ আদর্শ ৰক্ষা কৰাৰ সমান্তৰালকৈ বিশ্বৰ বুকুত বিয়পাই দিয়াৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা পালন কৰা বুলি সত্রাধিকাৰগৰাকীয়ে উল্লেখ কৰে৷

তদুপৰি ৰাজ্যৰ ৮ হাজাৰ নামঘৰত অনুদান আগবঢ়োৱাৰ বাবে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শাখা সত্রসমূহৰ ক্ষেত্রতো অনুদান আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে গুৰুজনাই সকলো জাতি–জনগোষ্ঠীক একলগ কৰি এখন আধুনিক তথা বিজ্ঞানসন্মত বৃহত্তৰ অসমীয়া সমাজৰ বুনিয়াদ গঢ়ি তুলিছিল৷ গুৰুজনাৰ দ্বাৰা স্থাপন কৰা সত্র আৰু নামঘৰসমূহে আমাৰ জাতিৰ পৰিচয় বিশ্বৰ বুকুত শক্তিশালীভাৱে তুলি ধৰিছে বুলি উল্লেখ কৰি বর্তমানৰ ৰাজ্য চৰকাৰে এই সত্র আৰু নামঘৰসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে আর্থিক অনুদান প্রদানৰ লেখীয়া পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ কয়৷ সত্রীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক, গুৰুজনাৰ আধ্যাত্মিকতাৰ বাণীৰ প্রচাৰ আৰু প্রসাৰেৰে সমাজত এক বিশেষ স্থান দখল কৰা বৰপেটা সত্রৰ বুঢ়া সত্রীয়া বশিষ্ঠ দেৱশর্মাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্রীয় পর্যায়ৰ শংকৰদেৱ বঁটা প্রদান কৰিবলৈ পাই ৰাজ্য চৰকাৰ অতিশয় আনন্দিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বশিষ্ঠ দেৱশর্মাই ভক্তিত যে শক্তি আছে সেই কথা সমাজক শক্তিশালী ৰূপত প্রদর্শন কৰাত সফল হৈছে বুলি কয়৷ মুখ্যমন্ত্রীয়ে শ্রীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ আদর্শৰে প্রতিষ্ঠিত শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক বিশ্ব পর্যায়ৰ এক শৈক্ষিক প্রতিষ্ঠানলৈ উন্নীত কৰাৰ বাবে অসম চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ ল’ব বুলিও আজিৰ এই অনুষ্ঠানতে কয়৷

আনহাতে, বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৰুজনাৰ সৃষ্টিৰাজিৰ কথা দোহাৰি কয় যে অসমীয়া জাতীয় জীৱনৰ মহানায়ক আছিল শ্রীমন্ত শংকৰদেৱ৷ গুৰুজনাৰ দর্শন এক কথাত ৰাজ্যখনত অসমীয়া হ’বলৈ শিকাইছিল৷ ইপিনে, বঁটাপ্রাপক সত্রাধিকাৰ বশিষ্ঠ দেৱশর্মা বুঢ়া সত্রীয়াক এই বঁটা প্রদান কৰিবলৈ পাই ড০ শর্মাই নিজকে আনন্দিত বুলি মন্তব্য কৰে৷ অসমীয়া সমাজ জীৱনৰ এজন স্মৰণীয় ব্যক্তি হিচাপে অভিহিত কৰি তেওঁৰ দীর্ঘায়ু কামনা কৰে মন্ত্রী ড০ শর্মাই৷ তদুপৰি মন্ত্রীগৰাকীয়ে কয় যে গুৰুজনাৰ জন্মস্থান বৰদোৱা বিশ্বৰ ভিতৰত পুণ্যভূমি হিচাপে নির্মাণ কৰাৰ বাবে চৰকাৰে ১.৫ কোটি টকা আগবঢ়াইছে৷ ৰাজ্যৰ আঠ হাজাৰ নামঘৰ প্রাণৱন্ত কৰি তুলিবলৈ আর্থিক অনুদান আগবঢ়োৱাৰ লগতে সত্র–সংস্কৃতি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি মন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ গুণীন ওজাই বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা

অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই গুৰুজনাৰ সৃষ্টিৰাজিৰ চমু আভাস দাঙি ধৰি ইয়াক বিশ্বৰ বুকুত বিয়পাবলৈ গুৰুজনাৰ সৃষ্টিৰাজি ইংৰাজীৰ লগতে অন্যান্য ভাষালৈ অনুবাদ কৰাৰ পোষকতা কৰে৷ অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত সত্রাধিকাৰ বশিষ্ঠ দেৱশর্মা বুঢ়া সত্রীয়াক জীৱনৰ আধাৰত নির্মিত এখন চুটি ছবি প্রদর্শন কৰাৰ লগতে মুখ্যমন্ত্রী সোণোৱালে এখন স্মৰণিকা উন্মোচন কৰে৷ অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সঞ্চালক বিষ্ণু কমল বৰা, সাংসদ কুইন ওজা, বিধায়িকা আঙুৰলতা ডেকা, শিল্পী বীৰেন সিংহ, কলা নির্দেশক নুৰুদ্দিন আহমেদ, সাহিত্যিক ৰত্ন ওজা, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামী আৰু সাংস্কৃতিক কর্মী পৱিত্র কুমাৰ শর্মাকে ধৰি অসম চৰকাৰৰ বহু বিষয়া–কর্মচাৰী উপস্থিত থাকে৷ সদৌ শেষত অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

You might also like