নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্ৰধানমন্ত্ৰী’ অমিত শ্বাহঃ কংগ্ৰেছে ক’লে জিভা পিছলা নাই, এয়া ইচ্ছাকৃত কাম

বিশেষ বাৰ্তা,১১ মেঃ নেতা-মন্ত্ৰী আৰু ৰাজনীতিকৰ ভাষণত ভুল শব্দ ওলোৱা কোনো নতুন কথা নহয়। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভুল সম্বোধনত বিৰোধীয়ে ডাঙৰ ইচ্ছ্য়ু বিচাৰি উলিয়াইছে। কালি বৰ্তমানৰ অসম চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ বিভিন্ন কাৰ্যসূচীৰ মাজৰ এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক কেবাবাৰো ‘প্ৰধানমন্ত্ৰী’ বুলি সম্বোধন কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘গৃহমন্ত্ৰী’ বুলি কৈছে। এই কথাত বিৰোধী কংগ্ৰেছে নতুন ষড়যন্ত্ৰ বিচাৰি পাইছে।

ছ’চিয়েল মিডিয়াত অসম কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ ভাষণত হোৱা ভুল সম্বোধনৰ ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে এয়া অসাৱধানৱশতঃ হোৱা ভুল নহয়, মুখ্যমন্ত্ৰীয়ে জানি বুজি, ইচ্চাকৃতভাবেই এই কাম কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোনোৱাল থকাৰ সময়ত সাংসদ পল্লৱলোচন দাসে বহু অনুষ্ঠানত ৰাজহুৱাভাৱে হিমন্ত বিশ্বক ‘মুখ্যমন্ত্ৰী’ বুলি সম্বোধন কৰিছিল। বিজেপিয়ে নৰেন্দ্ৰ মোদীক আঁতৰাই নতুন প্ৰধানমন্ত্ৰী বাছনি কৰিছে নেকি বাৰু? নে অমিত শ্বাহক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ অভিযান আৰম্ভ কৰা হৈছে? এই প্ৰশ্ন কংগ্ৰেছৰ।

You might also like