নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা কোনো কল ‘ৰেকৰ্ড’ কৰিব নোৱাৰিব আপুনি; জনালে গুগল কর্তৃপক্ষই

নিয়মীয়া বাৰ্তা, ১১ মেঃ বুধবাৰৰ পৰা এণ্ড্ৰইড ফোনত কল ৰেকৰ্ডিং কৰাৰ বাবে সকলো বাহ্যিক এপ্লিকেচন (থাৰ্ড পাৰ্টী এপ্ছ) বাতিল কৰা হৈছে। সিদ্ধান্তটো আগতে লোৱা হৈছিল যদিও মঙলবাৰে গুগলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

এপ্ৰিলত কোম্পানীটোৱে কৈছিল যে ই গুগল প্লে ষ্টোৰৰ পৰা সকলো কল ৰেকৰ্ডিং এপ্ছ নিষিদ্ধ কৰা হ’ব। আৰু কথা মতেই কাম, মঙলবাৰে এয়া কাৰ্যত পৰিণত হ’ল। অৰ্থাৎ, যদি এই সময়ৰ পৰা ফোনত কল ৰেকৰ্ড কৰিবলৈ আপোনাৰ নিজা ছফ্টৱেৰ নাই, তেন্তে বাৰ্তালাপটো পুনৰ বাহিৰৰ এপ্ছৰ দ্বাৰা ৰেকৰ্ড কৰিব নোৱাৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰা প্ৰয়োজন যে কল ৰেকৰ্ডিং এপ্ছবোৰক লৈ পূৰ্বৰে পৰা বহু আপত্তি শুনা গৈছিল। এণ্ড্ৰইডৰ দশম সংস্কৰণৰ আগমনৰ পিছত, গুগল কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকে গ্ৰাহকৰ গোপনীয়তাৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা মনত ৰাখি কল ৰেকৰ্ডিং কৰাৰ এই প্ৰণালীটো বন্ধ কৰিব। এতিয়াৰে পৰা ফোনৰ কথোপকথন ৰেকৰ্ড কৰিব নোৱাৰিব।

You might also like