নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ এবছৰ আৰু প্রত্যাশা

ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এবছৰীয়া বর্ষপূর্তিত চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ সন্মুখত ব্যাপক প্রত্যাহ্বান, সর্বসাধাৰণৰ চৰকাৰখনৰ প্রতি আশা–আকাংক্ষা ক্রমান্বয়ে বাঢ়ি আহিছে৷ এইকেইদিন বিভিন্ন মাধ্যমত পর্যালোচনা কৰি বা আলোচনাত ভাগ লৈ মোৰ দুটাই অনুভৱ হৈছে যে চৰকাৰখনে বহু ভাল কাম কৰিবলৈ সমর্থ হৈছে যদিও মানুহৰ ক্ষোভো আছে৷ বিশেষকৈ ব্যাপক দামবৃদ্ধিৰ ভৰত ৰুষ্ট জনতাৰ দৃষ্টিৰ পৰা চৰকাৰৰ বহু ভাল কামো আঁতৰি গৈছে৷ দামবৃদ্ধিৰ প্রতি মানুহৰ ক্ষোভ, এইটো অতি ৰূঢ় বাস্তৱ, যাক চৰকাৰখনে উপলব্ধি কৰিব পাৰিব লাগিব৷ এই অবাধ দামবৃদ্ধিৰ ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় বহু কাৰক আছে, কিন্তু ৰাজ্যখনৰ ভিতৰুৱা কাৰকখিনি নিয়ন্ত্রণ কৰাত চৰকাৰৰ নীতিগত দায়িত্ব আছে৷ ৰাছিয়া–ইউক্রেইন যুদ্ধ দীঘলীয়া হোৱাৰ বাবে সমগ্র বিশ্বৰে যোগান ব্যৱস্থাত ব্যাঘাত জন্মিছে৷ বিশ্বৰ লগতে ভাৰতত ব্যৱহূত সামগ্রীৰ প্রায় বেছিভাগেই বন্দৰেৰে আহে৷ বহু ঠাইত পৰিবহণ নিষেধাজ্ঞা থকাৰ বাবে পৰিবহণ দীঘলীয়া হৈছে আৰু লগতে আন্তঃৰাষ্ট্রীয় যোগান ব্যৱস্থাৰ বেমেজালি তথা অসুবিধাৰ বাবে সমগ্র বিশ্বতে পৰিবহণ ব্যয় তথা দাম বৃদ্ধি পাইছে৷ সেইবাবেই বিশ্বৰ লগতে ভাৰতৰ অর্থনীতিতো ব্যাপক প্রভাৱ পৰিছে৷ অসমো ইয়াৰ ব্যতিক্রম নহয়৷ অসমে যেতিয়ালৈকে যথেষ্ট পৰিমাণৰ নিজা সামগ্রী উৎপাদন কৰিব নোৱাৰিব বা গুদাম–শীতলীকৰণ গৃহৰ সু–ব্যৱস্থা কৰিব নোৱাৰিব, তেতিয়ালৈকে এনেধৰণৰ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী কাৰকৰ প্রভাৱ অধিক পৰি থাকিব, যিহেতু অসমখন সীমামূৰীয়া ৰাজ্য৷ এই সময়ত চৰকাৰৰ আটাইতকৈ বৃহৎ প্রত্যাহ্বান হৈছে বয়–বস্তুৰ দাম নিয়ন্ত্রণ কৰা আৰু তাৰ বাবে প্রয়োজনীয় নীতি আৰু ব্যাপক প্রচেষ্টাৰ প্রয়োজন হ’ব৷

চৰকাৰখনে প্রথমটো বছৰত বহু ক্ষেত্রত সফলতা পাইছে৷ ৰাজ্যখনৰ আইন–শৃংখলাৰ উন্নত পৰিস্থিতি চৰকাৰৰ এক সাফল্য৷ যোৱাটো বর্ষত বহুকেইটা সংগঠন মূলসুঁতিলৈ ঘূৰি আহিল৷ আলফাৰ লগতো আলোচনাৰ এক প্রক্রিয়াৰ প্রতি মুখ্যমন্ত্রীয়ে যথেষ্ট সদিচ্ছা প্রকাশ কৰিছিল৷ কিন্তু অলপতে আলফাই সংঘটিত কৰা দুটা হত্যাই এই আলোচনাত বাধাৰ সৃষ্টি কৰিলে৷ ৰাজ্যখনত নিবনুৱা সমস্যা অতি জটিল আৰু চৰকাৰী প্রক্রিয়াৰ প্রতি অনাস্থা প্রদর্শন কৰি কিছু লোকে আলফাত যোগদান কৰিছেগৈ৷ আলফাত যোগদান কৰাৰ কিছুদিন পিছতে তেওঁলোকৰ মোহভংগ হৈ উভতি অহাৰ প্রক্রিয়া চলোৱাৰো বহু উদাহৰণ থাকে৷ যেতিয়ালৈকে সংস্থাপনৰ সমস্যা জটিল হৈ থাকিব, তেতিয়ালৈকে আলফালৈ কিছুসংখ্যক মানুহ গৈ থাকিব৷ আলফা–চৰকাৰৰ আলোচনা প্রক্রিয়া হ’বনে? কেন্দ্রীয় চৰকাৰে আলফাই বিচৰা সার্বভৌমত্ব আলোচনাৰ বিষয় কেতিয়াও নকৰে৷ তাৰ মাজতে কি উপায়েৰে পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আনিব পৰা যায়, অনাগত দিনত ই এক বৃহৎ প্রত্যাহ্বান হ’ব৷

আইন–শৃংখলাৰ ক্ষেত্রত চৰকাৰখনে যথেষ্ট সফলতা পাইছে৷ ৰাজ্যখনত অপৰাধজনিত ঘটনাৰ হাৰ হ্রাস পাইছে৷ ড্রাগ্ছৰ বিপক্ষে সংগ্রামখনত ভাল গতিশীলতা লাভ কৰিছে আৰু এয়া চৰকাৰৰ এক বৃহৎ কৃতিত্ব৷ যোৱা এবছৰত ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ২,৮৩৪টাৰো অধিক গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪,৮৩৮জন ড্রাগ্ছ বেপাৰী আৰু ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ এই সময়ছোৱাত ৫৪৮.৫৩ কোটিৰো অধিক টকাৰ ড্রাগ্ছ জব্দ কৰা হৈছে৷
আৰক্ষীৰ তৎপৰতাৰ পৰিপ্রেক্ষিতত ৰাজ্যত অপৰাধৰ হাৰো পূর্বৰ তুলনাত ক্রমাৎ হ্রাস পাইছে৷ পূর্বৰ বছৰত প্রতি এক লাখ লোকৰ বিপৰীতে ৩৮৪টা অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে এই বছৰ অপৰাধ ২২২লৈ হ্রাস পাইছে৷ আনহাতে, পেণ্ডিং গোচৰৰ সংখ্যাও ২০২১ চনৰ মে’ মাহত ১,০৯,০৮১টা হোৱাৰ বিপৰীতে চলিত বর্ষৰ এপ্রিল পর্যন্ত ৮৩,৯৪৭টালৈ হ্রাস পাইছে৷ বিগত বর্ষত মাহে ১১,১০৩টা গোচৰ পঞ্জীভুক্ত হোৱাৰ বিপৰীতে চলিত বর্ষত পঞ্জীভুক্ত গোচৰৰ সংখ্যা ৬,২৪৭টালৈ হ্রাস পাইছে৷

অসম চৰকাৰে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে বিধানসভাত আইন গৃহীত কৰি সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ বিগত বর্ষত আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহ সন্দর্ভত ১,১০০টা গোচৰ পঞ্জীয়ন কৰি ৯৯২জন গৰুৰ চোৰাং বেপাৰীক গ্রেপ্তাৰ কৰিছে৷ এওঁলোকৰ পৰা ৯,৪৫৪টা গৰু জব্দ কৰাৰ লগতে ৪১৭খন গাডী জব্দ কৰা হৈছে৷

ছিণ্ডিকেট ৰোধ কৰাৰ প্রক্রিয়াটো অতিকৈ দৰকাৰী আছিল আৰু ছিণ্ডিকেট ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰখনে ইতিমধ্যে কিছুসংখ্যক সফলতা লাভ কৰিছে৷ এই ছিণ্ডিকেটত বহু শক্তিশালী লোক, সংবাদ মাধ্যমৰ লোক, ৰাজনৈতিক নেতৃত্ব জডিত হৈ আছে৷ তাৰ মাজত ছিণ্ডিকেট ৰোধ ইমান সহজ নহয়, কিন্তু মুখ্যমন্ত্রীৰ নেতৃত্বত ছিণ্ডিকেটৰ বিৰুদ্ধে এটা প্রচেষ্টা আৰম্ভ হৈছে৷ এইটো অতিশয় দৰকাৰী৷ যোৱাটো বর্ষত অসম পুলিচৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম হৈছে, যিবোৰে ভৱিষ্যতে যথেষ্ট সুফল দিব বুলি আশা কৰিব পৰা যায়৷ পুলিচৰ কার্যকলাপত, বিশেষকৈ ড্রেন্সফাৰ–পোষ্টিঙত ৰাজনৈতিক হস্তক্ষেপ কম হোৱাৰ বাবে পুলিচৰো পাৰদর্শিতা বাঢ়িছে৷
তথাপি আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে বহুখিনি অভিযোগো আহিছে৷ এনকাউণ্টাৰৰ বিষয়টো বিগত বর্ষত আটাইতকৈ সমালোচিত বিষয় আছিল৷ কোনোবাই ব্যক্তিগত আখেজ বা নিজা সাম্রাজ্য ৰক্ষা কৰাৰ হেতু কাৰোবাক হত্যা কৰাৰ দৰে ঘটনা হ’ব নালাগে৷ আমাৰ আইনী ব্যৱস্থা দুর্বল আৰু দীঘলীয়া৷ কিন্তু এই ব্যৱস্থা শক্তিশালী কৰাৰ কাৰণে চৰকাৰৰ যথেষ্ট দায়িত্ব আছে৷ তথ্যপাতি সময় মতে যোগান ধৰাত চৰকাৰৰ দায়িত্ব আছে৷

ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ অতি উল্লেখযোগ্য কাম হৈছে ৰাজ্য প্রশাসনৰ স্বচ্ছতা বৃদ্ধিৰ প্রয়াস৷ তথ্য–প্রযুক্তিৰ সহায়ত কাম সুচল কৰাৰ প্রক্রিয়া অতিশয় আদৰণীয়৷ অনাগত দিনত ইয়াৰ পৰা সুফল লাভ কৰিব বুলি আশা কৰিব পাৰি৷ লোকসেৱাৰ অধিকাৰ পর্টেলৰ জৰিয়তে বিভিন্ন পঞ্জীয়ন আদিৰ ক্ষেত্রত অনলাইন ব্যৱস্থাৰে সেৱা আগবঢ়োৱা হৈছে৷ নিবনুৱাৰ পঞ্জীয়ন, গাডীৰ পঞ্জীয়ন, বিবাহৰ পঞ্জীয়ন, গাডীৰ ফিটনেছ প্রমাণ–পত্র, গাডীৰ মালিকীস্বত্ব বদলি আদি বিভিন্ন সেৱা এই পর্টেলৰ জৰিয়তে তাৎক্ষণিকভাৱে আগবঢ়োৱা হৈছে৷ এই পর্যন্ত বিভিন্ন শিতানৰ ৯,০৬,৪৩৭খন আবেদনৰ বিপৰীতে ৭,৬০,৭৯৪খন আবেদনৰ সময় নির্ধাৰিত সেৱাৰে নিষ্পত্তি ঘটোৱা হৈছে৷ এই ক্ষেত্রত কার্যকাৰিতাৰ হাৰ ৮৩.৯৩ শতাংশ৷ অসম সচিবালয়ৰ পেণ্ডিং ফাইল নিষ্পত্তিৰ বাবে চৰকাৰে সম্ভাৱনা পর্টেলৰ জৰিয়তে বিশেষ উদ্যোগ গ্রহণ কৰিছে৷ সেইমর্মে ২,৫০২খন আবেদনৰ ইতিমধ্যে ১,৬২৯খন আবেদনৰ এই পর্যন্ত নিষ্পত্তি কৰা হৈছে৷ এই ক্ষেত্রত কার্যকাৰিতাৰ হাৰ ৬৫.১১ শতাংশ৷ এই ব্যৱস্থাই বিভিন্ন কামৰ বাবে ৰাইজে ৰাজ্যিক সচিবালয়লৈ অহা–যোৱাৰ ক্ষেত্রত ভোগ কৰা সমস্যা আঁতৰাই তাৎক্ষণিকভাৱে বিভিন্ন বিষয় নিষ্পত্তিৰ উদ্যোগ লোৱা হৈছে৷

মিছন বসুন্ধৰা পর্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰে ভূমিৰ আবেদনৰ নিষ্পত্তিৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ মিছন বসুন্ধৰাৰ অধীনত ৮,১৩,৯৮১খন আবেদন দাখিলৰ বিপৰীতে ৮,১২,৬৬৬খন আবেদনৰ নিষ্পত্তি কৰা হৈছে৷ এই ক্ষেত্রত ৫ মে’ পর্যন্ত আবেদন নিষ্পত্তিৰ হাৰ ৯১.৯ শতাংশ আৰু নির্দিষ্ট সময়ৰ ভিতৰত মিছন বসুন্ধৰাৰ নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰা যাব বুলি আশা কৰা হৈছে৷ এইধৰণৰ কামে চৰকাৰখনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস বৃদ্ধি কৰিছে৷ চৰকাৰী শাসন ব্যৱস্থাৰ উন্নতিৰ বাবে মুখ্যমন্ত্রীয়ে চৰকাৰী চাকৰিয়ালসকলৰ দক্ষতা বৃদ্ধি বা ৰাইজক সুবিধা দিয়াৰ মানসিকতা বৃদ্ধি কৰাৰ যি প্রয়াস কৰিছে, সেয়া অতিশয় আদৰণীয়৷ দুর্নীতি কম কৰাৰ প্রচেষ্টাত কিছু সফল হৈছে, কিন্তু এতিয়াও বহু বেছি কৰিবলৈ বাকী৷ ফাইলৰ কামত বিভিন্ন বিভাগলৈ তাঁতবাটি কাঢ়ি ফুৰা মানুহক সুধিলেই গম পাব যে বিভাগে বিভাগে এতিয়াও বহু দুর্নীতি চলি আছে৷ ইয়াক দূৰ কৰিবলৈ সময় লাগিব, কিন্তু ৰাইজৰ সহযোগিতা হ’লে নিশ্চয়কৈ দূৰ হ’ব৷ চৰকাৰী দুর্নীতিৰ হাৰ কমিছে, কিন্তু ৰাইজৰ মাজৰে একাংশ কর্মচাৰীক দুর্নীতিমুক্ত কৰাটো বৃহৎ প্রত্যাহ্বান৷ মোৰ দৃষ্টিত এই ক্ষেত্রত সর্বাধিক দায়িত্ব কর্মচাৰীসকলৰ৷ অসমৰ উন্নতি হ’বলৈ হ’লে চৰকাৰী ব্যৱস্থাটোৰ উন্নতি কৰিব লাগিব আৰু তাত সর্বাধিক দায়িত্ব কর্মচাৰীসকলৰ৷

মুখ্যমন্ত্রীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্রতি শিক্ষার্থীৰ আগ্রহ কমি অহাৰ কথা নিজেই উল্লেখ কৰিছে৷ এই ক্ষেত্রত চৰকাৰৰ বহু কৰণীয় আছে৷ বিশেষকৈ শিক্ষক সমাজৰ দক্ষতা বৃদ্ধিৰ বাবে ব্যাপক পৰিকল্পনাৰ দৰকাৰ, মানৱ সম্পদৰ ওপৰতেই ৰাজ্যখনৰ ভৱিষ্যৎ বহু নির্ভৰ কৰিছে৷ ইতিমধ্যে শিক্ষা বিভাগে নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ ভিত্তিত ৰিফর্ম প্রক্রিয়া আৰম্ভ কৰিছে আৰু অনাগত দিনত ভাল ফলাফল আশা কৰিব পৰা যাব৷ অনাগত ৪ বছৰত শিক্ষাৰ ক্ষেত্রত ব্যাপক কাম হ’ব বুলি মই বিশ্বাসী৷ স্বাস্থ্যখণ্ডত বিগত বর্ষত ভাল কাম হৈছে৷ অনাগত দিনত স্বাস্থ্যখণ্ডৰ এই ১৭খন কেঞ্চাৰ হাস্পতাল আৰু বাকী মেডিকেল কলেজবোৰে ৰাইজক সকাহ দিব বুলি মই বিশ্বাসী৷ যোৱা বছৰটোত ক’ভিড মেনেজমেণ্টত চৰকাৰখনে অতিশয় সফলভাৱে কাম কৰিছে আৰু ভৱিষ্যতৰ প্রত্যাহ্বানৰ বাবে সাজু হৈ আছে৷

নগৰ উন্নয়নৰ ক্ষেত্রত ব্যাপক পৰিকল্পনাৰ প্রয়োজন৷ নগৰবোৰৰ অৱস্থা বেয়া৷ ৫ বছৰত গুৱাহাটী চহৰতে পানী যোগান, কৃত্রিম বানপানীকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্রত চৰকাৰৰ ব্যাপক প্রত্যাহ্বান থাকিব৷ এই ক্ষেত্রত প্রাৰম্ভিক কাম আৰম্ভ হৈছে আৰু আশা কৰোঁ অনাগত দিনত ভাল ফল পোৱা যাব৷
সংস্থাপনহীনতাৰ বাবেই আলফালৈ অসমৰ বহু ল’ৰা–ছোৱালী গৈছে৷ চহৰতকৈ গাঁও অঞ্চলৰ বহু ঠাইত নিৰাশাজনক এক পৰিৱেশ বিৰাজ কৰিছে৷ ল’ৰা–ছোৱালীয়ে খেতি–বাতি নকৰে, সকলোকে চাকৰি লাগে, উপযুক্ত দক্ষতা নাই৷ চাকৰি–বাকৰি নাই, সেয়ে আলফালৈ যাওঁ৷ এইটো এটা বৃহৎ সমস্যা৷ গ্রাম্য অর্থনীতি উন্নয়নৰ বাবে এটা বিশাল প্রচেষ্টা লাগিব৷ আত্মসহায়ক গোট, তেওঁলোকৰ বাবে বজাৰ সৃষ্টি, থলুৱা উদ্যমী, কুটিৰ শিল্প, কৃষিজাত সামগ্রী ইত্যাদিৰে গাঁৱক অর্থনীতিৰ কেন্দ্র হিচাপে গঢ়াৰ প্রয়াস লাগে৷

দক্ষতা বৃদ্ধিৰ বাবে এক ব্যাপক আন্দোলন কৰাৰ কথা আমি এই কাকতৰ মজিয়াতে কৈ আহিছেছা৷ অহা ৪ বছৰত অসমীয়া যুৱক–যুৱতীৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্রত চৰকাৰে ব্যাপক কাম কৰাটো দৰকাৰ৷ চাকৰি সৃষ্টিত চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিয়াটো প্রয়োজনীয়, বেছিভাগ চাকৰি আহিব লাগিব বেচৰকাৰী খণ্ডৰ পৰা৷ বিনিয়োগকাৰীৰ বাবে সুনির্দিষ্ট নীতি, প্রয়োজনীয় আন্তঃগাঁথনি, ৰাজ্যখনত বিনিয়োগৰ বাবে আকর্ষণীয় কেন্দ্র বুলি ব্যাপক প্রচাৰৰ দৰকাৰ৷
চাকৰি সৃষ্টিৰ বাবে উপযুক্ত মানৱ সম্পদ লাগিব৷ কৃষি–উদ্যোগ–পর্যটন্ গুৰুত্ব দিব লাগিব৷ তাৰ কাৰণে সামূহিক প্রচেষ্টা আৰু বৃহৎ লক্ষ্য লাগে৷ কাম কৰিবলৈ সুনির্দিষ্ট পৰিকল্পনা আৰু ৰাজনৈতিক–আমোলা ব্যৱস্থাত কাম কৰাৰ মানসিকতা থকা মানুহ আৰু লাগিব৷ এজন মুখ্যমন্ত্রীয়ে অকলে সকলোখিনি কৰিব নোৱাৰে৷ বিভাগীয় মন্ত্রীসকলৰ লগতে সহযোগী ৰাজনৈতিক ব্যৱস্থা আৰু আমোলাসকলৰ কর্মৰাজিৰ ওপৰতে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সফলতা নির্ভৰ কৰিব৷ বিভিন্ন সূচাংকত অসম একেবাৰে শেষৰফালে আছে৷ এই সংখ্যা ঊর্ধ্বগামী কৰাটো ইমান সহজ নহয়৷ তাৰ কাৰণে এটা বৃহৎ ঐকান্তিক প্রচেষ্টা, চৰকাৰী ব্যৱস্থাই একেলগে কাম কৰিব লাগিব আৰু সেই সেৱা ব্যৱস্থাটো সৃষ্টি কৰাই আটাইতকৈ বৃহৎ প্রত্যাহ্বান৷ যোৱা বছৰটোৱে এটা কথা সূচাইছে যে চৰকাৰখনে মুখ্যমন্ত্রীৰ ৰূপত এক সবল নেতৃত্ব লাভ কৰিছে৷ ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি আটাইতকৈ ভাল৷ অসমত দিল্লীৰ সুদৃষ্টি আছে৷ এতিয়া কাম কৰাৰ সময়৷ বাৰে বাৰে নির্বাচন হৈ থাকিলেও ধনবল, জনবল, সময়ৰ ক্ষতি হয়৷ এতিয়া নিয়োগ সৃষ্টিৰ সময়৷ এতিয়া সময় হৈছে গাঁৱত নিয়োজন সৃষ্টি, কৃষিত বজাৰ সৃষ্টি তথা উৎপাদন বৃদ্ধি ইত্যাদি বিষয়ত গুৰুত্ব প্রদানৰ৷

চৰকাৰখনে নির্বাচনী প্রতিশ্রুতি, যেনে– মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি নাইবা এক লাখ নিযুক্তিৰ ক্ষেত্রত সন্তোষজনক প্রগতি লাভ কৰিছে৷ চুবুৰীয়া ৰাজ্যকেইখনৰ লগত সীমা বিবাদ সমাধান কৰাত চৰকাৰে যথেষ্ট সফলতা পাইছে৷ খিলঞ্জীয়া মুছলমান সমাজৰ উন্নতিৰ বাবে কিছু ভাল পদক্ষেপ মুখ্যমন্ত্রীয়ে লৈছে৷

৬নং দফা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, শুদ্ধ এন আৰ চি ইত্যাদি ক্ষেত্রত প্রথমটো বছৰত বিশেষ কাম নহ’ল৷ আশা কৰোঁ, অনাগত বছৰকেইটাত এইখিনি ক্ষেত্রত কাম–কাজ হ’ব৷
ৰাজ্যখনৰ পিছপৰা অঞ্চলৰ উন্নয়নৰ বাবে প্রক্রিয়াটো যোৱা বছৰ আৰম্ভ হৈছে৷ বিশেষকৈ বিটিআৰ, ডিমা হাছাও ইত্যাদিত কাম হৈছে৷ মোৰ দৃষ্টিত কাম কম হৈছে দক্ষিণ অসমত৷ বৰাক ভেলীত বহুত কাম কৰিবলৈ বাকী আছে৷ চৰ অঞ্চলত বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত কাম কৰিবলৈ বাকী আছে৷ অসমত ৰাজনীতিৰ ঊর্ধ্বলৈ গৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত কাম হ’ব লাগিব, তেতিয়াহে সূচাংকসমূহৰ উন্নতি হ’ব৷ ৰাজনীতি চলি থাকিব৷ অহা দুই–তিনি বছৰত ৰাজনীতিৰ বাহিৰত অসমত বৃহৎ কাম হওক৷ ৰাজনীতি শেষৰ ডেৰ বছৰত হওক৷ অসমৰ সূচাংকসমূহৰ উন্নতি হ’বলৈ হ’লে অসমৰ গোটেই প্রান্তৰ উন্নতি হ’ব লাগিব৷

এই চৰকাৰখনে এই ক্ষেত্রত সুনির্দিষ্ট পৰিকল্পনাৰে বহু কাম কৰিব বুলি মোৰ বিশ্বাস৷ যোৱাটো বছৰ আশাব্যঞ্জক৷ অহাটো বছৰ আৰু বহু কাম হ’ব লাগিব৷ প্রথম বর্ষৰ কাম দেখি ৰাইজৰ আশা–আকাংক্ষা বাঢ়িছে৷ কিন্তু এখন উন্নত ৰাজ্য, ৰাইজৰ আশা পূৰণ হ’বলৈ বহুদূৰ বাকী আছে৷ সকলোৰে সহযোগিতাত এই আশা নিশ্চয় এদিন পূৰণ হ’ব৷ চৰকাৰখনৰ সকলোলৈ শুভকামনা যাচিলোঁ৷ চৰকাৰৰ অহাটো বর্ষ যাতে আৰু ভাল আৰু সফল হয়– সেই আশাৰে৷

You might also like