বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসনাত সমগ্ৰ দেশ শোকত ম্ৰিয়মাণ হৈ পৰিছে। আজি ১২৬সংখ্যক ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্মৰণ কৰিলে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক।
‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন গাৰ্গক স্মৰণ কৰি কয়- “অসমে আজি যি সময়ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছে, সেই সময়তে কেইদিনমান পূৰ্বে এক দুঃসময় আহে। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অসমবাসী শোকাকুল হৈ পৰিছে। জুবিন গাৰ্গ আমাৰ মন-মগজুত চিৰকাল থাকিব।’
প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “জুবিন গাৰ্গ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী আছিল। নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে সমগ্ৰ দেশতেই এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল তেওঁ।”
প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়- “অসমীয়া সংস্কৃতিৰ সৈতে জুবিন গাৰ্গৰ অতি ওতপ্ৰোত সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ স্মৃতিত সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ সংগীতে উত্তৰ প্ৰজন্মকো চিৰকাললৈ মন্ত্ৰমুগ্ধ কৰি ৰাখিব।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে কয়- “জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব।”