নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত চোৰাং চিকাৰী আটক, হস্তনিৰ্মিত বন্দুক-মোবাইল ফোন জব্দ 

নিয়মীয়া বাৰ্তা, জোনাই, ৩ মে’ : জোনাইৰ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য ‘পবা’ৰ লেকু বীটৰ অন্তৰ্গত পবাৰ পৰা শনিবাৰে এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, দা, মোবাইল ফোনৰ লগতে এটা বেগ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত ব্যক্তিজনে হস্তনিৰ্মিত এটা বন্দুক লৈ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাত চিকাৰ কৰিবলৈ প্ৰৱেশ কৰে। তেনে সময়তে বন বিভাগৰ এটা টহলদাৰী দলে ব্যক্তিজনক আটক কৰে। টহলদাৰী দলটোৱে চোৰাং চিকাৰীজনক কৰায়ত্ত কৰি সোধা-পোছা কৰাত ম’হ চিকাৰ কৰিবলৈ যোৱা বুলি স্বীকাৰ কৰে। লগে লগে চোৰাং চিকাৰীpvক আটক কৰে জোনাই  বনাঞ্চলিক বন বিভাগে। আটকাধীন ব্যক্তিজন জোনাইৰ উজনি চিৰুং গাঁৱৰ নৰেন পেগু বুলি জানিব পৰা গৈছে।

You might also like