নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মহানগৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তৰ কবিতা উন্মোচন

ক'ভিড যোদ্ধাৰ প্ৰতি সমৰ্পিত কবিতা ''মোৰ পৰিচয়''

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ এটি বিশেষ কবিতা উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ক’ৰোনাসৃষ্ট পৰিৱেশত সমুখ সমৰৰ পৰা যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰতিজন যোদ্ধাৰ প্ৰতি সমৰ্পিত ‘মোৰ পৰিচয়’ শীৰ্ষক কবিতাটি।

কবিতাটি দৃশ্য-শ্ৰাব্য মাধ্যম উন্মোচন কৰে সোণোৱালে। এই অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা।

উক্ত কবিতাটিৰ ভিডিঅ’ নিৰ্মাণ কৰিছে বিশিষ্ট ভিডিঅ’ এডিটৰ অনুপম মহন্তই। কবিতা পাঠ অনুষ্ঠানত অংশ লয় অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী জেৰিফা ৱাহিদ।

অসম আৰক্ষীৰ কনিষ্টবল সকলেই হৈছে আমাৰ ভেঁটি। তেওঁলোকে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ কাৰণে অসম আৰক্ষীয়ে হেলাৰঙে পাৰ কৰিছে ভয়ংকৰ সময়। তেওঁলোকৰ কষ্ট আৰু ত্যাগক সন্মান জনাই এই কবিতাটো প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তই।

You might also like