নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত বিজেপিলৈ অৰ্ধশতাধিক পুৰুষ- মহিলা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কৰ্মদক্ষতা আৰু সাধাৰণ শ্ৰেণী লোকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰতিখন আঁচনিৰ সফলতাই সকলোকে আকৰ্ষিত কৰিছে আৰু দিনক দিনে পূৰ্বতকৈ জনপ্ৰিয়তাও বঢ়াৰ লগতে  বিজেপি দলত দৈনিক যোগদানো বাঢ়িছে”- এইদৰে মন্তব্য কৰে ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে । আজি ৰহাৰ নিজা বাসভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত বিধায়ক ডিম্বেশ্বৰ দাসে লগতে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দলীয় মানুহক চৰকাৰী আঁচনি প্ৰদান কৰা বাবে প্ৰকৃত হিতাধীকাৰি সকল বঞ্চিত হৈ আহিছিল, কিন্তু বিজেপি চৰকাৰে প্ৰকৃত হিতাধীকাৰিক চৰকাৰী আঁচনি প্ৰদান কৰিছে আৰু উন্নয়নৰ দিশত আগবাঢ়িছে। চৰকাৰী সকলোধৰণৰ আঁচনিতে হিতাধীকাৰি সকলে সুফল লাভ কৰা হেতু উন্নয়ন সম্ভৱপৰ হৈছে আৰু এইবোৰেই প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰী উন্নয়নৰ এক ৰূপৰেখা বুলি কয়।তদুপৰি পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত অনিয়ম আৰু দূৰ্নীতিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো প্ৰশ্ৰয় নিদিয়াৰ বাবে মাত্ৰ চাৰে চাৰিবছৰত যি উন্নয়ন হৈছে আগন্তুক দিনতো অসম  উন্নতৰ পৰা উন্নতলৈ আগবাঢ়ি যাব তাত কোনো দ্বিধাবোধ নাই আৰু সকলোকে একত্ৰিত ভাৱে বিজেপিৰ দলীয় কাম-কাজ সঠিকভাৱে কৰিবলৈ আহ্বান জনাই। বিজেপি ৰহা গ্ৰাম্য মণ্ডলৰ সভানেত্ৰী দীপাঞ্জু ডেকা মেধিৰ উপস্থিতিত যুৱমৰ্চাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কোঁৱৰে আঁত ধৰা কাৰ্যসূচীত বিজেপি নেতা শ্ৰবন কুমাৰ দাসৰ উদ্যোগত দীঘলদৰি গাঁওপঞ্চায়তৰ প্ৰায় অৰ্ধশতাধিক বিভিন্ন দলৰ মহিলাই বিধায়কৰ কাম-কাজত সন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰে। কাৰ্যসূচীত যুৱমৰ্চাৰ সভাপতিদ্বয় ভাস্কৰ জ্যোতি দাস, জিতুমনি দাস আদি বহুকেইজন বিষয়-ববীয়া উপস্থিত থাকে।

You might also like