নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত শোকাৱহ ঘটনা, ৰে’লৰ চেপাত নিহত দুই শ্ৰমিক, আহত ১

বিশেষ বাৰ্তা, ১৮ মে’ : গুৱাহাটী মহানগৰীৰ নাৰেংগীত আজি পুৱা সংঘটিত হয় এক শোকাৱহ ঘটনা। ৰে’লৰ চেপাত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।প্ৰাপ্ত তথ্য অনুসৰি, চাইনুৰ আলম,হাবিজুৰ ৰহমান, জহিৰুল আলী আৰু চহিদুল আলী নামৰ চাৰি শ্ৰমিক কৰ্মস্থলীলৈ বুলি নাৰেংগী ষ্টেচনৰ সমীপৰে ৰে’ল আলি পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা। জানিব পৰা মতে, পুৱা প্ৰায় চাৰে আঠ বজাত উজনি আৰু নামনি দুই দিশৰ পৰা দুখন ৰে’ল একেলগে আহি আছিল। নামনিমুৱা ৰে’লখন পাৰ হোৱাৰ পিছতে শ্ৰমিককেইজনে এটা ৰে’ল আলি পাৰ হৈ দ্বিতীয় ৰে’ল আলিৰে বোন্দা অভিমুখে গৈ থকা সময়ত পিছফালৰ পৰা উজনিমুৱা দ্ৰুতবেগী ৰে’লখনে মহটিয়াই নিয়ে তিনিজন শ্ৰমিকক। ইয়াৰে চাইনুৰ আলম (১৮) আৰু হাবিজুৰ ৰহমান (৩৫) নামৰ শ্ৰমিক দুজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু জহিৰুল আলী (১৮) নামৰ শ্ৰমিকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে সৌভাগ্যক্ৰমে চহিদুল আলী নামৰ শ্ৰমিকজন ৰে’ল আলিৰ বাহিৰত থকাৰ বাবে আঘাত পোৱাৰ পৰা ৰক্ষা পৰে। ৰে’ল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বহাটি বালাপুৰৰ বাসিন্দা শ্ৰমিককেইজনে নাৰেংগীত ভাড়াতীয়া হিচাপে থাকি দিনহাজিৰা কাম কৰিছিল। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক গতাই দিয়ে দুই শ্ৰমিকৰ মৃতদেহ। আনহাতে, আঘাতপ্ৰাপ্ত শ্ৰমিকজন সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
You might also like