নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্তব্যৰত অৱস্থাত মৃত্যু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কৰ্তব্য অৱস্থাত মৃত্যু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীৰ এজন সহকাৰী পৰিদৰ্শক। মৃত লোকজনৰ নাম ৰবীন দাস বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ মিলন নগৰৰ আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শকগৰাকী খনিকৰ অঞ্চলত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল। কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ ঢলি পৰে আৰক্ষী বিষয়াগৰাকী। ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় বিষয়াগৰাকীৰ।

You might also like