নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় নহয়, সাত জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী অসম গোৰ্খা সন্মিলনৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ উপৰখুঁটি বাঙালীপাৰাৰ ১৫৯নং সাৰদা প্ৰাথমিক বিদ্যালয়ত “অসম গোৰ্খা সন্মিলনৰ” কেন্দ্ৰীয় সম্পাদক ভাস্কৰ দাহালৰ নেতৃত্বত সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত অসমত ছয় জনগোষ্ঠী নহয়, সাত জনগোষ্ঠীক জনজাতীৰ মৰ্যাদা দিয়াৰ দাবী তোলা হয়। অসমত দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কৰা আন্দোলন তথা চৰকাৰে লোৱা সিদ্ধান্তৰ সময়তে এই দাবী উত্থাপন কৰে অসম গোৰ্খা সন্মিলনীয়ে। অসম গোৰ্খা সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ দাহালে সাংবাদিকৰ আগত কৰে আন কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসম আন্দোলনৰ সময়ত আছুৱে গোৰ্খাসকলক অন্যান্য খিলঞ্জীয়া শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ আৰু যুক্তি পুনৰ বিশ্লেষণ কৰি অসমীয়া খিলঞ্জীয়াৰ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।নেপালী গোৰ্খাসকলৰ মাতৃভাষাত শিক্ষাৰ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ কৰি ইতিমধ্যে থকা ভালেমান বিদ্যালয় বন্ধপ্ৰায় হোৱা বুলি ঘোষণা কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। লগতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এসময়ত গোৰ্খাসকলৰ স্বায়ত্তশাসন,জনজাতিকৰণৰ দাবী নায্য দাবী বুলি কৰা ঘোষণাৰ কথা সোঁৱৰাই দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনায়।

You might also like