নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিষয়াৰ গুণ্ডাৰাজ

মাহিলী ধন দিয়াত পলম হোৱাৰ বাবে বালি ব্যৱসায়ীৰ ফালিলে মূৰ

নিয়মীয়া বাৰ্তা,  ১১ ছেপ্টেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কুশল দাস বাহিনীয়ে ৰডেৰে কোবাই মুৰ ফালিলে ৰাজদ্বীপ দাস নামৰ এজন বালি ব্যৱসায়ীক । আহত বালি ব্যৱসায়ী ৰাজদ্বীপ দাসৰ ঘৰ হল পলাশবাৰী সমষ্টিৰ তেজপুৰত । উল্লেখ্য যে বালি মাফিয়া আৰু একাংশ বন বিষয়াই মিলি ভকত হৈ দিৰ্ঘদিন ধৰি চলাই আহিছে বালিৰ চিণ্ডিকেট । কিন্তু কেতিয়াবা কেতিয়াবা অংক নিমিলিলেই দুয়ো পক্ষৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয় । যোৱা নিশা বামুণীগাঁৱৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কুশল দাসে দেখুৱাই দিলে বন বিভাগৰ গুণ্ডাৰাজ ।

অভিযোগ অনুসৰি কুশল দাস বাহিনীয়ে বালি ব্যৱসায়ীৰ পৰা মাহিলী ধন নোপোৱাৰ বাবেই বালি ব্যৱসায়ীৰ মুৰ ফালি দেখুৱাই দিলে গুণ্ডাৰাজৰ পৰিচয় । ঘটনাৰ জানিবপৰামতে যোৱা নিশা বালি ব্যৱসায়ী ৰাজদ্বীপ দাস ওৰফে বাবুৰ বালি ট্ৰাকৰ মাহিলী ধন আদায় নোপোৱাৰ বাবেই ছয়গাঁৱৰ গুমিপথৰ পৰা এ এছ ০১ এ এ ৩৯৮৫ নম্বৰৰ চালানবিহীন বালিৰ ট্ৰাক খন জব্দ কৰি বামুনীগাঁৱস্থিত কাৰ্যালয়লৈ লৈ আহিছিল । পিছে পিছে ট্ৰাকৰ মালিক ৰাজদ্বীপে গৈ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পিছতে গেটৰ দুৱাৰ বন্ধ কৰি লৈ ৰেঞ্জাৰ কুশল দাস বাহিনীয়ে ৰড,কাঠৰ টুকুৰা-লাঠি আদিৰে উপৰ্য্যুপৰি আক্ৰমণ কৰে ৰাজদ্বীপ দাসক ।

তাৰ মাজতেই কোনো মতে পলাইহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৰাজদ্বীপে । উল্লেখ্য যে বন বিভাগৰ আক্ৰামণৰ ফলত ৰাজদ্বীপ গুৰুতৰ ভাবে আহত হৈ হ‍াস্পতালত চিকিৎসাধীন হয় লগতে মুৰত কেবাটাও চিলাই দিয়া হয় জানিব পৰা গৈছে । অভিযোগ অনুসৰি মাহিলী ধন দিয়াত দেৰি হোৱাৰ বাবে বন বিষয়া জনে এইদৰে আক্ৰমণৰ চেষ্টা চলাই বুলি জানিব পৰা গৈছে । অৱশেষত উপায়ন্তৰ হৈ ৰাজদ্বীপে ৰেঞ্জাৰ কুশল দাস বাহিনীৰ বিৰুদ্ধে ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে । আনহাতে, বনাঞ্চলিক বিষয়া কুশল দাসে গুণ্ডাৰাজ চলোৱােৰ পিছৰে পৰা আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত বন মন্ত্রীয়ে বন বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হব নে সেয়া সময়তহে হব লক্ষণীয় ।

You might also like