নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত বাঢ়িছে ৰাজনৈতিক উত্তাপ

ৰাজ্যত সমানে ক’ভিড–পলিটিক্সৰ ‘টাগ অৱ ৱাৰ’

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  ৰাজ্যত ক’ৰোনা সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে নির্বাচনকেন্দ্রিক ৰাজনৈতিক উত্তাপ৷ ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে ঘোষিত লকডাউন সম্পূর্ণৰূপে শিথিল কৰি ৰাজ্যখন আনলক ৪.০লৈ যোৱাৰ পাছৰে পৰা আগন্তুক বিধানসভা নির্বাচন আৰু সমাগত বিটিচি নির্বাচনকেন্দ্রিক ৰাজনৈতিক সভা–সমিতিয়ে এতিয়া ক’ভিড–১৯
প্রট’কল সম্পূর্ণৰূপে উলংঘা কৰা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে এতিয়া অসম ক’ৰোনা সংক্রমণৰ এক ভয়াৱহ দিশৰ পিনে গতি কৰিছে৷ আনলক ৪.০ৰ নীতি অনুসৰি যিকোনো সভা–সমিতিত ১০০জনতকৈ অধিক লোক গোট খোৱাৰ বাধা নিষেধ আৰোপ কৰা হৈছে যদিও কোনো ৰাজনৈতিক দলে এই প্রট’কল মানি চলা পৰিলক্ষিত হোৱা নাই৷ মাস্ক অবিহনে সামাজিক দূৰত্ব উলংঘা কৰি হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আছে ৰাজনৈতিক সভা–সমিতি৷ এনে পৰিস্থিতিত এতিয়া ৰাজ্যখনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ, বৃদ্ধি পাইছে ক’ভিড–১৯ত মৃত লোকৰ সংখ্যাও৷ যোৱা ১৫টা দিনৰ ৰাজ্যখনৰ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ পৰিসংখ্যা মন কৰিলেই এই বিষয়টো স্পষ্ট হৈ পৰে৷ ৰাজ্যখনত যোৱা ১৫টা দিনৰ ২৬ আগষ্টত ২,১৭৯জন আক্রান্ত হোৱাৰ বিপৰীতে ১৪জনৰ মৃত্যু, ২৭ আগষ্টত ২,০৩৬জন আক্রান্ত হোৱাৰ বিপৰীতে ৪জনৰ মৃত্যু, ২৮ আগষ্টত ২,৫৬০জন আক্রান্ত হোৱাৰ বিপৰীতে ৮জনৰ মৃত্যু, ২৯ আগষ্টত ২,৪২৭জন আক্রান্ত হোৱাৰ বিপৰীতে ৩জনৰ মৃত্যু, ৩০ আগষ্টত ১,৯৮০জন আক্রান্ত হোৱাৰ বিপৰীতে ৭জনৰ মৃত্যু, ৩১ আগষ্টত ৩,২৬৬জন আক্রান্ত হোৱাৰ বিপৰীতে ১০জনৰ মৃত্যু, ১ ছেপ্ঢেম্বৰত ২,৬৮৪জন আক্রান্ত হোৱাৰ বিপৰীতে ৯জনৰ মৃত্যু, ২ ছেপ্ঢেম্বৰত ৩,৫৫৫জন আক্রান্ত হোৱাৰ বিপৰীতে ৮জনৰ মৃত্যু, ৩ ছেপ্টেম্বৰ ২,৬৮৪জন আক্রান্ত হোৱাৰ বিপৰীতে ৭জনৰ মৃত্যু, ৪ ছেপ্টেম্বৰ ২,৮৯১জন আক্রান্ত হোৱাৰ বিপৰীতে ১৫জনৰ মৃত্যু, ৫ ছেপ্টেম্বৰ ২,৬৯৮জন আক্রান্ত হোৱাৰ বিপৰীতে ৭জনৰ মৃত্যু, ৬ ছেপ্টেম্বৰত ১,৫৩৭জন আক্রান্ত হোৱাৰ বিপৰীতে ৮জনৰ মৃত্যু, ৭ ছেপ্টেম্বৰত ২,৭৮৫জন আক্রান্ত হোৱাৰ বিপৰীতে ১০জনৰ মৃত্যু, ৮ ছেপ্টেম্বৰত ২,৫৭৯জন আক্রান্ত হোৱাৰ বিপৰীতে ৮জনৰ মৃত্যু আৰু ৯ ছেপ্টেম্বৰত ২,২৪৩জন আক্রান্ত হোৱাৰ বিপৰীতে ১৮জন লোকৰ প্রাণহানি হয়৷ এই ১৫ দিনত ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৮,১০৪জন৷ আনহাতে, এই ১৫ দিনত ১৩৬জন লোকৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ অর্থাৎ দৈনিক গড়ে প্রায় ৯জন লোকৰ মৃত্যু হৈ আছে৷ এই পৰিসংখ্যাই স্পষ্ট ৰূপত ৰাজ্যত ক’ৰোনা সংক্রমণৰ এখন ভয়াৱহ প্রতিচ্ছবি প্রকট কৰি তুলিছে৷ সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যৰ চিকিৎসালয়সমূহত বিছনাৰ অভাৱ পৰিলক্ষিত হৈ আহিছে৷ এনে পৰিস্থিতিত ৰাজনৈতিক দলসমূহে ক’ৰোনা সংক্রমণৰ বিপজ্জনক দিশটো একাষৰীয়া কৰি থৈ নিজ স্বার্থ পূৰণৰ বাবে সকলো ধৰণৰ ক’ভিড–১৯ প্রট’কল উলংঘা কৰি সভা–সমিতি অনুষ্ঠিত কৰা বিষয়টোৱে পৰিস্থিতি আৰু জটিল কৰাৰ ইংগিত দাঙি ধৰিছে৷ যোৱা ১৫ দিনৰ ৰাজনৈতিক দলসমূহৰ সভা–সমিতিসমূহ মন কৰিলেই এই পৰিস্থিতি স্পষ্ট হৈ পৰে৷ যোৱা ৯ ছেপ্ঢেম্বৰত বিৰোধী দল কংগ্রেছে দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত আয়োজন কৰে এখন বিশাল দলীয় সভাৰ৷ উক্ত সভাতেই প্রাক্তন বিজেপি বিধায়ক দিলীপ মৰাণকে ধৰি বহুকেইজনে কংগ্রেছ দলত যোগদান কৰে৷ একেদৰে ৪ ছেপ্ঢেম্বৰত শাসকীয় বিজেপিয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নৱনির্বাচিত কার্যনির্বাহকৰ প্রথমখন সভা অনুষ্ঠিত কৰে৷ ২ ছেপ্টেম্বৰত আছুৰ প্রস্তাৱিত ৰাজনৈতিক দলৰ বাবে গঠন কৰা পৰামর্শদাতা কমিটীয়ে প্রতিবেদন দাখিল কৰে৷ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত বিধানসভাৰ অধিৱেশন উপলক্ষে দিছপুৰ লাষ্টগেটত বহুকেইটা দল–সংগঠনে ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ একেদৰে ৩১ আগষ্টত বিজেপিৰ হেঙেৰাবাৰীস্থিত কার্যালয়ত অনুষ্ঠিত হয় দলীয় যোগদান সভা৷ যোৱা ৩০ আগষ্টত প্রাক্তন মুখ্যমন্ত্রী তথা অগপ বিধায়ক প্রফুল্ল কুমাৰ মহন্তই পলাশবাৰীত আয়োজন কৰে এখন বিশাল ৰাজহুৱা সভা৷ আনহাতে, ২৮ আগষ্টত নীট পিছুওৱাৰ দাবীত গুৱাহাটী ক্লাবৰ ৰ’টাৰীত অসম প্রদেশ কংগ্রেছে ৰূপায়ণ কৰে ধর্ণা কার্যসূচী৷ যোৱা ২৬ আৰু ২৭ আগষ্টত অসম গণ পৰিষদ দলৰ কার্যনির্বাহকৰ উপৰি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয় আমবাৰীস্থিত মুখ্য কার্যালয়ত৷ ২৬ আৰু ২৭ আগষ্টতেই বিজেপিৰ নির্বাচন ক’ৰ কমিটী আৰু নৱনির্বাচিত বিষয়ববীয়াৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়৷ আনহাতে, ২৫ আগষ্টত হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কার্যালয়ত সীমান্ত শেখৰ, পংকজ ইংতি, দীপক শর্মা, প্রাঞ্জনা দত্ত আদিৰ দৰে গায়ক–ভিনেতাই বিজেপিত যোগদান কৰাৰ পৰিপ্রেক্ষিতত অনুষ্ঠিত সভাৰ বিপৰীতে একে সময়তে অসম প্রদেশ কংগ্রেছে দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত আয়োজন কৰে আন এখন সভা৷ য’ত গায়ক বাবু, নেকিব, অজয় ফুকন আদিয়ে যোগদান কৰে কংগ্রেছ দলত৷ ২৪ আগষ্টত ওদালগুৰিত বি পি এফে আয়োজন কৰে এখন বিশাল ৰাজহুৱা সভাৰ, য’ত হাগ্রামা মহিলাৰীৰ উপস্থিতিত বড়ো নেত্রী অঞ্জলি দৈমাৰীয়ে দলটোত যোগদান কৰে৷ আনহাতে, বি পি এফ আৰু ইউ পি পি এল দলে বিগত সময়ছোৱাত ৩–৪ হাজাৰকৈ লোকৰ উপস্থিতিত নিয়মীয়াকৈ বি টি এ ডিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাগ্সা আৰু ওদালগুৰি জিলাত ৰাজহুৱা সভা অনুষ্ঠিত হৈ আহিছে৷ এই সভাসমূহত মাস্ক পৰিধান কৰা অথবা সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে কোনো ধৰণৰ ক’ভিড নীতি–নিয়ম পালন কৰা পৰিলক্ষিত হোৱা নাই৷ এনে ৰাজনৈতিক সভা–সমিতিয়ে এতিয়া ৰাজ্যৰ ভিন্ন প্রান্তত ক’ভিড সংক্রমণৰ ক্ষেত্রত ব্যাপক অৰিহণা যোগোৱা বুলি অনুমান কৰা হৈছে৷ এনে ৰাজনৈতিক উত্তাপ অব্যাহত থাকিলে অনাগত সময়ত ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণ কিদৰে প্রতিৰোধ কৰা হয়, সেয়া সময়েহে হয়তো ক’ব৷

You might also like