নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : কাইলৈ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত কাইলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিটো আজি গন্তব্য স্থানলৈ ৰাওনা হয় নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰসকল। আজি পুৱা আঠ বজাৰ পৰা ঢকুৱাখনা নিৰ্বাচন জিলা প্ৰশাসনে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ ই ভি এম মেচিনসহ যাৱতীয় সা-সামগ্ৰী ভোট বিষয়াসকলক প্ৰদান কৰা হয়। পুলিং-প্ৰিজাইডিং ভোট বিষয়াসকলে ই ভি এম মেচিন আৰু যাৱতীয় সা-সামগ্ৰী লৈ নিজৰ নিজৰ গন্তব্য স্থান ভোট কেন্দ্ৰলৈ ৰাওনা হয়।উল্লেখযোগ্য যে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা বিধানসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপ-আয়ুক্ত কাৰ্তিক কলিতাই সাংবাদিকৰ আগত সদৰী কৰামতে এইবাৰ লোকসভাৰ নিৰ্বাচনত ঢকুৱাখনা বিধানসভা সমষ্টিত ১৯৮ টা ভোট কেন্দ্ৰত মুঠ ১,৬১,৩১৫ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব পাৰিব।ঢকুৱাখনা বিধানসভা সমষ্টিক ২০টা ছেক্টৰ আৰু ৫ টা জ’নত ভাগ কৰি নিৰ্বাচন পৰিচালনা কৰা হৈছে। ইপিনে ১০ টা ভোট কেন্দ্ৰ কেৱল মহিলা পুলিং-প্ৰিজাইডিং বিষয়াৰ দ্বাৰা ভোট গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইপিনে প্ৰতিটো ভোট কেন্দ্ৰত পুলিং আৰু প্ৰিজাইডিং অফিছৰ চাৰিগৰাকী কৈ নিযুক্তি দিয়া হৈছে। বিশ শতাংশ সংৰক্ষিত পুলিং-প্ৰিজাইডিংসহ লোকসভা নিৰ্বাচনৰ বাবে প্ৰয়োজন ৯৫২ গৰাকী পুলিং-প্ৰিজাইডিঙক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ভোট গ্ৰহণৰ বাবে নিযুক্তি দিয়া হৈছে। একেদৰে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী আৰক্ষী নিযুক্তি দিয়া হৈছে। নিৰ্বাচনৰ বিভিন্ন কোষ পৰিচালনাৰ লগতে পুলিং-প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষী আৰক্ষীসকলক গন্তব্য স্থান ভোট কেন্দ্ৰলৈ নিবলৈ ২৪০খন সৰু-বৰ গাড়ী,দুখন টেক্টৰ আৰু এখন নাও ব্যৱহাৰ কৰা হৈছে।ইপিনে ঢকুৱাখনা উপ-জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপ-আয়ুক্ত কাৰ্তিক কলিতাই সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ গণতন্ত্ৰক সবল কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like