নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত জাভেদ ইছলামৰ মনোনয়ন পত্ৰ দাখিল

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ “মাননীয় প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে। তাৰোপৰি সুদক্ষ আৰু জনপ্ৰিয় অসমৰ মুখ্যমন্ত্রী, তেওঁৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত। অসম দ্ৰুতগতিত উন্নয়নৰ ফালে আগবাঢ়ি আছে। অথচ প্ৰায় ১৫/২০ বছৰৰ পৰা আমাৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। বহু সমস্যাৰে জৰ্জৰিত আমাৰ ধুবুৰী লোকসভা সমষ্টিক আগুৱাই লৈ যাব লাগিব। সমগ্ৰ ভাৰতবৰ্ষৰ লগ’তে সামগ্ৰিকভাৱে আমি কাম কৰি যাব লাগিব। মই আশা ৰাখিছোঁ আল্লা, ঈশ্বৰে আমাক দায়িত্ব অৰ্পণ কৰিব।” আজি নিজৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধুবুৰী চহৰৰ বালুৰচৰস্থি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ কাৰ্যালয় চৌহদত আয়োজিত এক বিশাল সভাত উপস্থিত দলীয় কৰ্মী আৰু সমৰ্থক সকলক সম্বোধন কৰি এইদৰে কয় ২নং ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে। সেই সভাখনৰ অন্তত প্ৰচণ্ড ৰ’দকো নেওচি কেইবা হাজাৰ সমৰ্থকৰ পাৰভঙা উছাহ আৰু উল্লাসৰ মাজেৰে সমদল কৰি আহি ধুবুৰীৰ জিলা আয়ুক্ত দিৱাকৰ নাথৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে এনডিএৰ প্ৰাৰ্থী জাভেদ। আজি মনোনয়ন পত্ৰ জমা দিয়াৰ সেই কাৰ্য্যসূচীত মন্ত্ৰী ৰঞ্জিত দাস আৰু কেশৱ মহন্ত, অগপৰ কেন্দ্রীয় কমিটিৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা, উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য্য অগপৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আনোৱাৰ হুছেইন, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্তকে ধৰি বিজেপি-অগপৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া উপস্থিত আছিল। উল্লেখ্য যে, আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়া মন্ত্ৰী ৰঞ্জিত দাসে “নিয়মীয়া বাৰ্তা”ৰে হোৱা কথাবতৰাত কাইলৈ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫টা সমষ্টিয়ে তেওঁলোকৰ বিজয় নিশ্চিত বুলি দাবী কৰে। আনহাতে, মন্ত্ৰী কেশৱ মহন্তই স্থানীয় সাংবাদিকৰে হোৱা কথাবতৰাত হাজাৰ হাজাৰ লোকে অসম গণ পৰিষদত যোগদান দিয়াৰ সকলো বন্দৱস্ত হৈ থকা বুলি এক তাৎপর্যপূর্ণ মন্তব্য কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like