নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছন্দৰ প্রশ্নৰ বিনিময়ত সাংবাদিকক উৎকোচ দিলে প্রদেশ কংগ্রেছৰ সভাপতিয়ে : মন্ত্রী পীয়ূষ

🔹 অমৰজ্যোতি বৰুৱাক ভূপেন বৰাৰ সাহসিকতা বঁটা

বিশেষ বাৰ্তা, ২২ এপ্রিল : মুখ্যমন্ত্রীক দামবৃদ্ধি, ঔষধৰ দামবৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি সম্পর্কত প্রশ্ন কৰাৰ বাবেই প্রাগ নিউজৰ সাংবাদিক অমৰজ্যোতি বৰুৱাক কালি গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ মাতি নি ৰাজহুৱাভাৱে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই গামোচা পিন্ধাই নগদ ২৫ হাজাৰ টকাসহ সাহসিকতাৰ বঁটা প্রদান কৰে৷ এই সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে সাংবাদিক অমৰজ্যোতি বৰুৱাই যি সাহসিকতা, কর্তব্যপৰায়ণতা আৰু দায়িত্ববোধ প্রদর্শন কৰিছে, তাৰ প্রতি সঁহাৰি জনাই তেওঁ ইতিপূর্বে ঘোষণা কৰা অনুসৰি সাংবাদিকগৰাকীক ৰাজীৱ ভৱনত এই সন্মান দিছে৷ অনাগত দিনতো মুখ্যমন্ত্রীক অসমৰ স্বার্থজড়িত সমস্যাক লৈ প্রশ্ন কৰা সাংবাদিকক এইদৰে সম্বর্ধনা জনাব বুলি তেওঁ প্রকাশ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ এই কার্যক সাংবাদিকক উৎকোচ দিয়া বুলি অভিহিত কৰিছে মন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রী হাজৰিকাই কয় যে ৰাজ্যৰ জনমানসত নিজৰ আস্থা প্রতিষ্ঠা কৰিব নোৱাৰি এইবাৰ সাংবাদিকক উৎকোচ দিয়াত নামিল প্রদেশ কংগ্রেছ কমিটী৷ সাংবাদিকে প্রশ্ন সোধাৰ বিনিময়ত উৎকোচ দিয়াৰ অফাৰ আগবঢ়াইছে ভূপেন বৰাই৷ মন্ত্রী হাজৰিকাৰ স্পষ্ট কথা– এতিয়া সাংবাদিকক টকাৰে কিনা–বেচা কৰি এনেদৰে নিকৃষ্ট কাম কৰাত নামি পৰিছে ভূপেন বৰা৷ এনে গর্হিত কামক লৈ বিভিন্ন মহলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিগত সময়বোৰত ৰাজ্যৰ সাধাৰণ জনতাৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰাত এতিয়া ছলে-বলে বিভিন্ন স্তৰত টকা–পইচাৰ লেনদেন তথা অসৎ উপায় অৱলম্বন কৰি নিকৃষ্ট কর্মৰে কংগ্রেছ দলে এতিয়া ৰাইজৰ আস্থাভাজন হ’বলৈ উঠি-পৰি লাগিছে৷ শেহতীয়াকৈ সাংবাদিকক কিনাৰ যি ষড়যন্ত্র ৰচিছে, সেয়া সংবাদ মহলৰ লগতে ৰাজ্যবাসীৰ বাবেও অশনি সংকেত৷ গণতন্ত্রৰ চতুর্থ স্তম্ভক কংগ্রেছে এনেদৰে টকাৰ তুলাচনীত জোখাৰ যি পৰিকল্পনা কৰিছে, তাক লৈ সংবাদ মহলতো প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জনতাৰ ৰায়ত বছৰ বছৰ ধৰি পৰাজয়ৰ মুখ দেখা কংগ্রেছে অসৎ উপায়েৰে সাংবাদিকক টার্গেট তথা ব্যৱহাৰ কৰিবলৈ লোৱা গর্হিত কামৰ বাবে পুনৰ যে কংগ্রেছে মুখথেকেচা খাব, সেয়া নিশ্চিত৷ ৰাজ্যৰ কোনো সৎ সাংবাদিকে এনেদৰে ৰাজহুৱাকৈ কংগ্রেছৰ পৰা উৎকোচ তথা ধনৰ টোপোলা গ্রহণ কৰি সংবাদ মাধ্যমক হেয় প্রতিপন্ন নকৰে৷ মন্ত্রী হাজৰিকাই এতিয়া সেই সাংবাদিকজনৰ কিবা নিৰপেক্ষতা থাকিল নেকি বুলি প্রশ্ণ কৰি কয় যে ৰাজনীতিকৰ পৰা সাংবাদিকে পুৰস্কাৰ গ্রহণ নকৰে৷ এতিয়া সেই সাংবাদিকজনক কোনোবা টিভি চেনেলে ল’ব নে নাই, তাতো সন্দেহ আছে৷

You might also like