নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল-পেঁপাৰ মাত নুশুনা চৰাইদেউৰ এখন গাঁও

🔹 পৰম্পৰা ৰক্ষাৰে ব্যতিক্ৰমীভাৱে উদযাপিত হয় ব’হাগ বিহু

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : ব’হাগ বিহুৰ উপলক্ষে ৰাজ্যৰ চৌদিশ ঢোল-পেঁপাৰ মাতত ৰজনজনাই থকাৰ সময়তে চৰাইদেউ জিলাৰ এখন গাঁৱৰ বাসিন্দাই বিহুৰ উৎসৱমুখৰ পৰিৱেশত দশক দশক ধৰি কোনোদিনে শুনা নাই ঢোল-পেঁপাৰ মাত । এই গাঁওখন হ’ল জিলাখনৰ লাকুৱাৰ ভকত ভাজনি গাঁও।  গাঁওখনৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি ব্যতিক্ৰমীভাৱে ব’হাগ বিহু উদযাপন কৰে ৷ এয়া গাঁওখনত পূৰ্বৰে পৰা চলি অহা এক পৰম্পৰা। উল্লেখযোগ্য যে আহোম ৰজাৰ দিনৰে পৰা শ শ বছৰ ধৰি গাঁওখনত বিহুৰ বতৰত কেতিয়াও বজা নাই ঢোল । ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি ভকত ভাজনি গাঁওবাসীয়ে ব’হাগৰ পহিলা দিনটোৰ পৰা সাতদিন ধৰি পালন কৰে দধিমথন উৎসৱ। প্ৰায় এশ পৰিয়ালে বাস কৰা এই গাঁওখনৰ ৰাইজে একত্ৰিত হৈ নামঘৰত দধিমথন উৎসৱ উদযাপন কৰে। গাঁওখনৰ সকলোৱে নামঘৰত মিলিত হৈ পহিলা ব’হাগৰ পৰা গায়ন-বায়ন, উৰুলি ধ্বনিৰে মংগল কামনা কৰি দধিমথন উৎসৱ পালন কৰে। সাতবিহু উদযাপন হোৱা সময়ত এই গাঁওখনত প্ৰতিদিনে পৃথকে পৃথকে পুৰুষ-মহিলাসকলে সমূহীয়াকৈ নামঘৰৰ প্ৰতীকী শালত দধিমথন কৰে । অন্তিম দিনা নামঘৰত এখন ভাওনা প্ৰদৰ্শিত হৈ সমাপ্ত হয় দধিমথন উৎসৱৰ । এই পৰম্পৰা ৰক্ষা কৰি এইবাৰো ভকত ভাজনি গাঁৱত পূৰ্বাপৰ ৰূপত অনুষ্ঠিত হয় দধিমথন উৎসৱ।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like