নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মনির্ভৰ ভাৰত: বিশ্বৰ পুতলা বজাৰ দখলৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যক প্রাধান্য দি ‘মন কী বাত’ৰ যোগেৰে দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ জনপ্রিয় ৰেডিঅ’ কার্যসূচী ‘মন কী বাত’ৰ কালিৰ সংস্কৰণত প্রধানমন্ত্রী মোদীয়ে পুতলাৰ পৰা ভাৰতীয় কুকুৰক প্রাধান্য দি আত্মনির্ভৰ ভাৰত গঢ়াত দেশবাসীক প্রাধান্য দিবলৈ আহ্বান জনায়৷ বিশ্বৰ পুতলা উদ্যোগটোত ভাৰতৰ অৰিহণাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ পুতলা বজাৰ দখলৰ লক্ষ্য ৰাখিব লাগে বুলিও কয়৷

এইক্ষেত্রত দেশৰ বিভিন্ন প্রান্তৰ বিশেষকৈ কর্ণাটক, অন্ধ্রপ্রদেশ, তামিলনাডু, অসমৰ ধুবুৰী, উত্তৰ প্রদেশৰ বাৰাণসী আদিৰ পুতলা নির্মাণৰ বিষয়ে অৱগত কৰে৷ দেশত স্থানীয়ভাৱে পুতলা নির্মাণৰ সমৃদ্ধিশালী পৰম্পৰা থকা বুলি উল্লেখ কৰি দেশৰ প্রতিভাৱান আৰু দক্ষ শিল্পীসকলে অতি উত্তম পুতলা নির্মাণ কৰিবলৈ সক্ষম হ’ব বুলিও কয়৷ ‘ভ’কেল ফৰ লোকেল’ত পুতলা উদ্যোগকো সন্নিৱিষ্ট কৰিবলৈ দেশবাসীক আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে৷

ইপিনে, ক’ৰোনা মহামাৰী প্রসংগত দেশবাসীক পূর্বৰ দৰে মাস্ক পৰিধান, দুই গজ সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ নির্দেশনা মানি চলিবলৈ আহ্বান জনায়৷ ভাৰতীয় কুকুৰ সন্দর্ভত মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে মুধল হাউণ্ড, হিমাচলী হাউণ্ড, ৰাজা পলায়ম, কান্নী, চিপ্পিপৰায় আৰু ক’ম্বাই ভাৰতীয় অতি উত্তম কুকুৰ বুলি কয়৷ ভাৰতীয় সেনা বাহিনীত কুকুৰ মোতায়েন আৰু দুর্যোগ ব্যৱস্থাপনা–উদ্ধাৰ অভিযানত কুকুৰৰ গুৰুত্বপূর্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like