নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিদ্যালয় সপ্তাহত ডিচিবি ছোৱালী কলেজৰ ‘শ্ৰেষ্ঠা গায়িকা’ ৰূপশিখা কলিতা

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ যোৰহাটৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ২০২৪ বৰ্ষৰ ‘শ্ৰেষ্ঠা গায়িকা’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰূপশিখা কলিতাই। মহাবিদ্যালয়খনৰ ‘মহাবিদ্যালয় সপ্তাহ’ৰ সংগীত প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবেই ৰূপশিখাই এই খিতাপ লাভ কৰে। ৰূপশিখাই সদ্য সমাপ্ত মহাবিদ্যালয় সপ্তাহৰ ভূপেন্দ্ৰ সংগীত, জয়ন্ত সংগীত। জ্যোতি সংগীতৰ লগতে ভজন আৰু গজল প্ৰতিযোগিতাত প্ৰথম স্থান, আধুনিক গীত প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু বৰগীত আৰু খেয়াল প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰে। আনহাতে, সত্ৰীয়া নৃত্যতো ৰূপশিখাই তৃতীয় স্থান দখল কৰে। ইফালে সদ্য সমাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি জ্যোতি সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰামৰ মৰিয়নি সমষ্টি ভিত্তিক প্ৰতিযোগিতাৰ জ্যোতি সংগীত আৰু ৰাভা সংগীত প্ৰতিযোগিতাত বিজয়ী হৈ জিলা ভিত্তিক মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল। মৰিয়নিৰ নগাধুলি বিজয়পুৰৰ নিবাসী ফনিধৰ কলিতা আৰু হেমপ্ৰভা কলিতাৰ জ্যেষ্ঠা কন্যা ৰূপশিখাই সম্প্ৰতি ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰী। প্ৰতিভাসম্পন্ন ৰূপশিখা সংগীতৰ লগতে এগৰাকী নৃত্য শিল্পী হিচাপেও নিজৰ প্ৰতিভাৰ পৰিচয় ডাঙি ধৰিছে। সত্ৰীয়া নৃত্যৰ বিশাৰদ ৰূপশিখা এগৰাকী বিহু নৃত্য শিল্পীও। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু নাচৰ বিশ্ব অভিলেখত বিহু নাচনী হিচাপে অংশগ্ৰহণ কৰিছিল। ৰূপশিখাই এগৰাকী অভিনেত্ৰী হিচাপেও নাট- ৰাস আদিত অভিনয় কৰি প্ৰতিভাৰ স্বাক্ষৰ ডাঙি ধৰিছে। ৰূপশিখা কলিতাই বৰ্তমান শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈ আছে। ৰূপশিখাৰ এই সাফল্যত মৰিয়নিৰ কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাই অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like