নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰ কোকৰাঝাৰ আগমনঃ গ্ৰীন ফিল্ডৰ জনসভা ক্ষেত্ৰ পৰ্যবেক্ষণ আৰক্ষী সঞ্চালকপ্ৰধানৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ অহা দেওবাৰ ২৪ জানুৱাৰীত বিশাল জনসভা সম্বোধন কৰিবলগীয়া অমিত শ্বাহৰ আগমনৰ আগে আগে সাজু কৰি তোলা হৈছে নলবাৰী আৰু কোকৰাঝাৰৰ জনসভা ক্ষেত্ৰ।

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত আয়োজন কৰা বিশাল সভাত ৩ৰ পৰা ৪ লাখ লোকৰ সমাগম হোৱাৰ আশা কৰিছে বিজেপিৰ ৰাজ্যিক সমিতিয়ে। ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কোকৰাঝাৰৰ জনসভা ক্ষেত্ৰত নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰে।

মহন্তই এইক্ষেত্ৰত কয় যে এগৰাকী সংবেদনশীল ভি আই পি ৰূপে যিখিনি নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে সেয়া কৰা হৈছে। ইয়াৰ লগতে বিজেপি নেতা বিশ্বজিত দৈমাৰীয়েও জনসভা ক্ষেত্ৰ পৰ্যবেক্ষণ কৰে।

You might also like