বাৰ্তা বুৰো, ৩ আগষ্টঃ সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ স্মৃতিগ্ৰন্থ উপ-সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি মৰিগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়। স্মৃতিগ্ৰন্থ উপ-সমিতিৰ সভাপতি তথা চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই আঁত ধৰা সভাখনত স্মৃতিগ্ৰন্থ উপ-সমিতিৰ প্ৰায়সকল সদস্য সদস্যাই অংশগ্ৰহণ কৰি গঠনমূলক পৰামৰ্শ আগবঢ়ায়। মৰিগাঁও জিলাৰ আৰ্থ সামাজিক, কৃষ্টি সংস্কৃতি, পৰ্যটন ক্ষেত্ৰ, ক্ৰীড়া, বৌদ্ধিক, শৈক্ষিক আদি কৰি প্ৰতিটো দিশ সামৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্তা তথা কৰ্মৰাজী,ৰাজ্যৰ মূখ্য সমস্যাৰাজীকে ধৰি সকলো দিশ সামৰি এখন সৰ্বাংগ সুন্দৰ স্মৃতি গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত উপস্থিত সদস্য সদস্যা সকলে পৰামৰ্শ আগবঢ়ায়। আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অতনু শৰ্মা, জিলা আছুৰ নেতৃত্ব উপস্থিত থকা সভাখনত স্মৃতি গ্ৰন্থ উপ-সমিতিৰ উপ-সভাপতি ড০ উৎপল নাথ, ৰাজুমনি শইকীয়া, সহকাৰী সম্পাদক জিতুমনি নাথ, জ্যোতিষ বৰ্মনৰ উপৰি প্ৰদীপ পৰাশৰ, খগেন বৰা, উৎপল শৰ্মা, ড° নাজমা বেগম, জৰ্জিনা বেগম, স্বপ্না কলিতা, শেৱালী শৰ্মা বৰকটকী, নুৰ মহম্মদ, গহন বৰা, ৰাজীৱ চহৰীয়া, ৰিতুৰাজ গোস্বামী, হৰি প্ৰসাদ মল্লিক, বাবুমনি শৰ্মা, সদৰ আছুৰ সভাপতি ঘনেন্দ্ৰ বৰা, সম্পাদক প্ৰণৱজ্যোতি বৰ্মন আদি উপস্থিত থকা সভাখনত নিৰ্বাচিত লেখক লেখিকা সকলৰ লেখাসমূহক অগ্ৰাধিকাৰ দিবলৈ সভাই মতপোষণ কৰে। উল্লেখ্য যে ২১, ২২ আৰু ২৩ নবেম্বৰত অনুষ্ঠিত হবলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আদৰণী সমিতিয়ে দ্ৰুতগতিত প্ৰস্তুতি চলাই আছে।
প্ৰেৰক প্ৰাঞ্জল দাস