নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই মাহতে তিনি দিনত ৩ লাখ ক’ভিড টেষ্ট কৰা হ’বঃ সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয় বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ আজি জনতা ভৱনত হোৱা এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড-১৯ সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ব্যক্ত কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে চেষ্টা চলাই থকা বুলি উল্লেখ কৰি কয় যে অসমৰ মেডেকেল কলেজ আৰু আন জিলাসমূহত ইণ্টেনছিভ কেয়াৰ ইউনিটৰ সংখ্যা বৃদ্ধি কৰাৰ হকে কাম কৰি থকা হৈছে।

এই প্ৰসংগত তেওঁ আজি শিলচৰ মেডিকেল কলেজত যোৱাৰ কথা উনুকিয়াই কলেজখনত এটা ৪০ বিছনাযুক্ত আই চি ইউ কাইলৈ আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে। ক’ভিড-১৯ৰ ক্ষেত্ৰত আই চি ইউ বা মেডিকেলৰ বিছনাৰ ক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগ যথেষ্ট সন্তোষজনক স্থিতিত থকাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে, ৩০০০০০ আশা কৰ্মীয়ে এন এইচ এম আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড সজাগতা অনাৰ বাবে জনজাগৰণ সপ্তাহ পালন কৰাৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকী লগতে কয় যে ২৮, ২৯ আৰু ৩০ তাৰিখে ১ লাখকৈ ক’ভিড টেষ্ট কৰাৰ সংকল্প লোৱা হৈছে।

অসমৰ প্ৰেক্ষাপটত স্বাস্থ্যমন্ত্ৰী জনালে এই তথ্য-
-বৰ্তমান সক্ৰিয় ক’ভিড-১৯ৰ চিকিত্সা কৰি আছে ২৯,৮৩০ গৰাকী লোকে।
-দেশৰ তুলনাত অসমত ক’ভিডত মৃত্যৰ হাৰ সৰ্বনিম্ন।
– এতিয়ালৈ অসমত ক’ৰোনাত ৬০৮গৰাকীৰ মৃত্যু।
-ক’ভিডত সুস্থতাৰ হাৰ ৮১. ৬ শতাংশ।
– ক’ভিড কেছৰ ডাব্লিং ৰেট বহুদিনলৈ ৩০ দিনৰ আছিল যদিও এতিয়া ৩৬ দিনলৈ বৃদ্ধি হৈছে।
-ছেপ্টম্বৰ মাহত অসমত গড়ে ২৪০০ নতুন কেছ।
-এতিয়ালৈ ১৮৬৬ জনে প্লাজমা পাইছে।

You might also like