নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত জুইঃ ৰাজ্যত মুনাফাখোৰ ব্যৱসায়ীৰ লুণ্ঠন

চৰকাৰ নাই–অস্তিত্বহীন মন্ত্রী–লৈছে ক’ৰোনাৰ সুযোগ

নিয়মীয়া বাৰ্তা ৮ মেঃ মহামাৰী ক’ৰোনাৰ সর্বনাশী সংক্রমণৰ মাজতো মুনাফাখোৰ বণিয়াই পেলাইছে লুণ্ঠনৰ জাল৷ বজাৰত প্রতিদিনে বাঢ়িবলৈ লৈছে অত্যাৱশ্যকীয় সামগ্রীৰ দাম৷ নির্বাচনী ফলাফল ঘোষণাৰ পাঁচটা দিন অতিক্রম কৰাৰ পিছতো ৰাজ্যত গঠন হোৱা নাই নতুন চৰকাৰ৷ পূর্বৰ যোগান মন্ত্রীগৰাকীও অস্তিত্বহীন৷ এনে পৰিস্থিতিৰ সুযোগ লৈ লুণ্ঠনকাৰী বণিয়াৰ এটা চক্রই মুকলি মনেৰে চাউল, দাইল, মিঠাতেলকে ধৰি প্রতিবিধ সামগ্রীৰ দাম বৃদ্ধি কৰি গৈছে৷ যাৰ বাবে মূল্যবৃদ্ধিৰ জুই জ্বলা ৰাজ্যৰ বজাৰলৈ চাই সর্বসাধাৰণ ৰাইজে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ বিগত কেইটামান দিনৰ ভিতৰত প্রতিবিধ সামগ্রীৰে হোৰাহোৰে মূল্যবৃদ্ধি হোৱাৰ ফলত খুচুৰা বিক্রেতাসকলো বিমোৰত পৰিছে৷

উল্লেখ্য যে ৰাজ্যত ক’ভিড পৰিস্থিতি জটিল হৈ পৰাৰ সমান্তৰালভাৱে পাইকাৰী বজাৰত প্রতিবিধ সামগ্রীৰ দাম প্রতিদিনে বৃদ্ধি পাবলৈ লৈছে৷ উদাহৰণস্বৰূপে, সাধাৰণ বুট এসপ্তাহৰ আগলৈ পাইকাৰী বজাৰত ৫৪ টকা প্রতিকিলো দৰত বিক্রী হৈছিল৷ বর্তমান পাইকাৰী বজাৰত সাধাৰণ বুটৰ দাম ৬৬ টকা আৰু গ্রাহকে খুচুৰা বজাৰত ৯০ টকা প্রতিকিলো দৰত ক্রয় কৰিবলগীয়া হৈছে৷ একেদৰে পাইকাৰী বজাৰত কাবুলী বুটৰ দামো এই সময়ছোৱাত প্রতিকিলোত ৭৬ টকাৰ পৰা ৮৮ টকালৈ বৃদ্ধি পালে৷ স্বাভাৱিকতে গ্রাহকে প্রতিকেজি কাবুলী বুট ১১০ টকাকৈ কিনিবলগীয়া হৈছে৷ বৃদ্ধি পাইছে দাইলৰ দামো৷

পাইকাৰী বজাৰত মগু দাইলৰ দাম প্রতিকেজিত ১০৩ টকাৰ পৰা ১১০ টকাকৈ বৃদ্ধি পালে৷ মচুৰ দাইলৰ দাম ৭২ টকাৰ পৰা বর্তমান প্রতিকিলোত ৮৪ টকালৈ বাঢ়িল৷ ফলত সাধাৰণ গ্রাহকে প্রতিকেজি মগু দাইল ১১৫–১২০ টকাত আৰু মচুৰ দাইল ৯৫–১০০ টকা দামত ক্রয় কৰিবলগীয়া হৈছে৷ সৰু মচুৰৰ দাম হৈছেগৈ ১২০ টকা৷ মিঠাতেলৰ দামক লৈ প্রতিটো শ্রেণীৰ গ্রাহকেই চকুৰে সৰিয়হ ফুল দেখিবলগীয়া হৈছে৷ পাইকাৰী বজাৰত দোকানীয়ে প্রতিলিটাৰ মিঠাতেল ১৬০–১৭০ টকাকৈ কিনিবলগীয়া হোৱাত গ্রাহকে আদায় দিবলগীয়া হৈছে ১৮০–১৯০ টকাকৈ৷ সেইদৰে ৰিফাইনৰ দৰ হৈছেগৈ প্রতিলিটাৰত ২০০ টকা৷ চেনিৰ দাম পাইকাৰী বজাৰত প্রতিকিলোত ৩৭ টকাৰ পৰা ৪৯ টকা হোৱাৰ ফলত খুচুৰা দোকানত বিক্রী হৈছে ৫৫ টকাত৷ ভূতৰ ওপৰত দানহ পৰা দি চাউলৰ দামো এই সময়ছোৱাত বাঢ়িবলৈ লৈছে৷ কিছুদিনৰ আগলৈকে ২০ কেজি সোণাশক্তি চাউলৰ দাম পাইকাৰী বজাৰত আছিল ৯৬০ টকা৷ কিন্তু আজি একে পৰিমাণৰ চাউলৰ দাম হৈছেগৈ ১,০৪০ টকা৷

মাত্র দুই–তিনিটা দিনৰ ব্যৱধানতে বৃদ্ধি হৈছে আলু–পিঁয়াজৰ মূল্য৷ কেইদিনমান পূর্বে প্রতি কিলোগ্রাম আলুৰ মূল্য ১৫ টকা আছিল যদিও আজিৰ তাৰিখত একেবিধ সামগ্রী বিক্রী হৈছে ২০–২৫ টকাত৷ সেইদৰে প্রতি কিলোগ্রাম পিঁয়াজৰ বর্তমান দৰ হৈছে ৩৫ টকা৷ সুযোগ লৈ মাছ–মাংস বিক্রেতাসকলেও গুৱাহাটীৰ বজাৰত প্রতিকেজি লোকেল মুর্গীৰ দাম ৫০০ টকা, ছাগলী মাংসৰ দাম ৭০০ টকাত বিক্রী কৰিছে৷ সাধাৰণ ৰাইজৰ বাবে এতিয়া মাছ–মাংস খোৱাটোও বিলাসিতাৰ দৰেই হৈ পৰিছে৷ একে সময়তে জনতাৰ জেপ লুৰুকি নিজৰ মুনাফা ঠিকেই লুটিছে চৰকাৰৰ ঘনিষ্ঠ একাংশ ব্যৱসায়ীয়ে৷

প্রণিধানযোগ্য যে ক’ভিডৰ দ্বিতীয় ঢ়ৌৱে অসমকো কোবাই যোৱাৰ ফলত ৰাজ্য প্রশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে কেতবোৰ গুৰুত্বপূর্ণ নীতি–নির্দেশনা৷ দোকান–পোহাৰ বন্ধ কৰাৰ ক্ষেত্রতো কঠোৰ বাধা–নিষেধ বলৱৎ কৰা হৈছে৷ এনে পৰিস্থিতিত বৃহৎসংখ্যক লোকৰ জীৱিকাত প্রত্যক্ষ বিৰূপ প্রভাৱ পৰিছে৷ লক্ষ লক্ষজনৰ আয়ৰ উৎস বন্ধ হৈ পৰাৰ ফলত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে৷ কিন্তু জনতাৰ এনে অসহায় অৱস্থাৰ পূর্ণ সুযোগ লৈ মানুহৰ চৰিত্র হেৰুৱাই পেলোৱা একাংশ বণিয়াই অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰি গৈছে৷ আটাইতকৈ দুর্ভাগ্যৰ কথাটো হ’ল, মূল্যবৃদ্ধিৰ জুই আৰু বেপাৰীৰ দৌৰাত্ম্য নিয়ন্ত্রণ কৰিবলৈ ৰাজ্যত চৰকাৰ এখনৰ অস্তিত্ব এতিয়া বিচাৰি পাবলৈ নাই৷ পূর্বৰ চৰকাৰখনৰ যোগান মন্ত্রীগৰাকী কুম্ভকর্ণ নিদ্রাত৷ ইয়াৰে সুযোগ লৈছে ব্যৱসায়ী ৰূপী একাংশ দানৱে৷ মানৱ সভ্যতাৰ চৰম সংকটৰ সময়তো তেওঁলোকে মূল্যবৃদ্ধিৰ দৰে অমানৱীয় চক্রান্তত লিপ্ত হৈ পৰিছে৷

You might also like