নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰী প্রতিৰোধী পৰিৱেশ

ক’ৰোনা ভাইৰাছৰ দ্বিতীয় সংক্রমণে ভাৰতবর্ষত পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ প্রতিদিনে লাখ পর্যন্ত লোক সংক্রমিত হোৱাৰ উপৰি দৈনিক মৃত্যু ঘটিছে সহস্রাধিকৰ৷ প্রায় প্রতিখন বৃহৎ ৰাজ্যতে আক্রান্তৰ বাবে নোহোৱা হৈছে চিকিৎসালয়ৰ বিছনা৷ নূ্যনতম চিকিৎসা সুবিধাৰ পৰা বঞ্চিত হৈছে দেশৰ নাগৰিক৷ দিল্লী, মুম্বাই, বাংগালুৰু, পুনা আদিৰ দৰে মেট্র’ মহানগৰীৰ আক্রান্ত আৰু মৃতকৰ সংখ্যাই উদ্বিগ্ণ কৰি তুলিছে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তর্জাতিক সংস্থাক৷ দিল্লী, মুম্বাই আদি মহানগৰীত এতিয়া ৰাজপথতে মৃত্যুৰ কিৰীলি৷ এক অর্থত অজ্ঞাত ভাইৰাছৰ সন্মুখত অসহায় চিকিৎসা বিজ্ঞান, দেশৰ স্বাস্থ্য ব্যৱস্থা৷ সেয়ে ক’ৰোনাৰ সংক্রমণ এতিয়া বিশ্বজুৰি সভ্যতালৈ ভাবুকি কঢ়িয়াই অনা মহামাৰী ৰূপেই চিহ্ণিত হৈছে৷ দিল্লীত এতিয়া উশাহ লোৱাৰ বাবে হাহাকাৰ জনতাৰ– এটা অক্সিজেন চিলিণ্ডাৰৰ বাবে ক’ভিড আক্রান্ত ৰোগী দৌৰি ফুৰিছে ৰাজপথত৷ ফুটপাথতে অক্সিজেন লৈ থাকিবলগীয়া অৱস্থা ৰাজধানী চহৰখনত৷ টিভিৰ পর্দাত ভাহি অহা এনে দৃশ্যই এতিয়া হতচকিত কৰি তুলিছে সমগ্র বিশ্ব, আতংকিত কৰি তুলিছে দেশবাসীক৷ দেশৰ ৰাজধানীতে প্রায় অচল হৈ গৈছে স্বাস্থ্য ব্যৱস্থা৷ মহামাৰীৰ এনে দুর্যোগৰ সময়ত চৰকাৰ বা প্রশাসন ব্যৱস্থাৰ উপৰি সবাতোকৈ গুৰুত্বপূর্ণ দায়িত্ব থাকে দেশৰ নাগৰিকৰ ওপৰত৷ ইতিমধ্যে ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি চিকিৎসক–চিকিৎসা বিজ্ঞানীসকলে কিছুমান নূ্যনতম সতর্কতা, সাৱধানবাণী ধাৰাবাহিকভাৱে প্রচাৰ কৰি আছে৷ যাৰ আধাৰতে প্রশাসনে ক’ভিড প্রট’কল জাৰি কৰিছে, বহু বাধা নিষেধ আৰোপ কৰিছে৷ এই বাধা নিষেধ পালন কৰি এই সম্পর্কত সজাগতা সৃষ্টিৰে ক’ৰোনা প্রতিৰোধী পৰিৱেশ এটা গঢ়ি তোলাটো এতিয়া নাগৰিকৰ প্রধান কর্তব্যৰূপে বিবেচিত হৈছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, জনসমাগম সৃষ্টিৰ পৰা বিৰত থকা, হাত ধোৱা বা ছেনিটাইজ কৰা, কাম নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোযোৱা, পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰখা আদি ক’ৰোনা প্রতিৰোধী সাধাৰণ নীতি–নিয়মসমূহ জনসাধাৰণে পালন কৰিবলগীয়া আৰু কৰিব পৰা সাধাৰণ ব্যৱস্থা৷ যি ব্যৱস্থাৰ সঠিক সামাজিক পালনে আমাক এই মহামাৰীৰ সংক্রমণৰ পৰা ৰক্ষা কৰিব পাৰে৷ চৰকাৰী–বেচৰকাৰী সকলো মাধ্যমত এই নিয়ম আৰু সাৱধানবাণীসমূহ অহৰহ প্রচাৰ কৰি থকা হৈছে৷ এই নীতি–নিয়মসমূহ সামাজিক ৰূপত কঠোৰভাৱে বলৱৎ হ’লেহে ভয়াৱহ মহামাৰীৰ পৰা আমি মুক্ত হ’ব পাৰিম৷ সেইবাবেই এইক্ষেত্রত সজাগতা সৃষ্টি কৰা আৰু এনে পৰিৱেশ গঢ়াটো আমাৰ বাবে একমাত্র সামাজিক দায়বদ্ধতা ৰূপে চিহ্ণিত হৈছে৷ এনে অৱস্থাত নাগৰিক সমাজৰ দায়িত্ব সর্বাধিক৷
দিল্লীত শেহতীয়া ক’ৰোনা সংক্রমণৰ এটা অন্যতম কাৰণ ৰূপে ৰাজধানী চহৰখনৰ প্রদূষণৰ ব্যাপকতা বিষয়টো বিশেষভাৱে চর্চিত হৈছে৷ দিল্লীত মাত্রাধিক প্রদূষণৰ বাবেই ক’ভিড আক্রান্ত ৰোগীয়ে অক্সিজেনৰ অভাৱত ভোগা বুলি চিকিৎসা বিজ্ঞানীয়ে মন্তব্য প্রকাশ কৰিছে৷ দিল্লীত এতিয়া ক’ৰোনা সংক্রমণৰ ক্ষেত্রত অক্সিজেনৰ অভাৱ বৃহৎ সমস্যা হৈ পৰাৰ উপৰি অক্সিজেনৰ অভাৱত হাজাৰ হাজাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে৷ বিগত কেইবছৰমানৰ পৰা দিল্লীত প্রদূষণৰ বাবে অক্সিজেনজনিত শাৰীৰিক সমস্যাই দেখা দি আহিছে নাগৰিকৰ দেহত৷ উল্লেখ্য যে দেশত জৰুৰী অৱস্থা ঘোষণাৰ পিছত ইন্দিৰা গান্ধীৰ পুত্র সঞ্জয় গান্ধীয়ে কৰা বহু বেয়া কামৰ মাজতে এটা ভাল কাম আছিল দিল্লীত বৃক্ষৰোপণ৷ জৰুৰী অৱস্থাৰ সময়ৰ খলনায়ক সঞ্জয় গান্ধীয়ে সেই সময়ত দিল্লীৰ সৌন্দর্যবর্ধনৰ আঁচনিৰে বস্তি এলেকা উচ্ছেদ কৰি বৃক্ষৰোপণৰ জৰিয়তে ব্যাপক হাৰত বৃক্ষৰোপণ কৰিছিল৷ সঞ্জয় গান্ধীৰ এনে স্বেচ্ছাচাৰী কার্যকলাপৰ ব্যাপক সমালোচনা হৈছিল যদিও দিল্লীৰ সেই বৃক্ষৰোপণ অভিযানে কেইবছৰমান পিছত ৰাজধানী চহৰখনত এক সেউজ আচ্ছাদনৰ সৃষ্টি কৰিছিল৷ বিশেষকৈ সেই সময়তে ৰোপণ কৰা নিম গছবোৰ বৃহৎ গছ হৈ পৰাৰ পিছত দিল্লীত প্রদূষণৰ মাত্রা হ্রাস পাইছিল৷ কিন্তু বিগত কেইবছৰৰ ভিতৰত দিল্লীৰ ব্যাপক পৰিৱর্তন হয়৷ বৃহৎ বৃহৎ ফ্লাই অ’ভাৰ, দলং নির্মাণ হয়৷ গঢ়ি উঠে সুউচ্চ অট্টালিকা৷ দিল্লীৰ এই আধুনিকীকৰণৰ সময়ত বৃহৎ বৃহৎ নিম গছবোৰ কাটি পেলোৱা হয়৷ সেউজ আচ্ছাদন গুচি সৃষ্টি হয় কংক্রিট অৰণ্যৰ৷ যি এতিয়া দিল্লীবাসীৰ বাবে ঘাতক হৈ পৰিছে৷ অক্সিজেনৰ অভাৱে দিল্লীবাসীক ঠেলি দিছে মৃত্যুৰ দুৱাৰডলিলৈ৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শাসনভাৰ গ্রহণ কৰিয়ে স্বচ্ছ ভাৰত অভিযান আৰু প্রদূষণমুক্ত ৰাষ্ট্র নির্মাণৰ আহ্বান জনোৱাই নহয়, অভিলাষী আঁচনিও গ্রহণ কৰিছিল৷ ক’ৰোনা সংক্রমণৰ এই সংকট কালত এই বিষয়সমূহৰ বাস্তৱ প্রয়োজনীয়তা এতিয়া সকলোৱে উপলব্ধি কৰিছে৷ নির্মল প্রাকৃতিক পৰিৱেশত পোৱা অক্সিজেনৰ গুৰুত্ব মানৱ দেহত কিমান সেয়া সকলোৱে বুজি উঠিছে৷ প্রকৃতিৰ ধ্বংসৰ জৰিয়তে যে আমি ভয়াৱহ বিপদ মাতি আনিছোঁ উপলব্ধি কৰাৰ সময় আহি পৰিছে৷ পৰিৱেশৰ নির্মলতা আৰু প্রাকৃতিক ভাৰসাম্য মানৱ সমাজৰ বাবে কিমান প্রয়োজন, ক’ৰোনাৰ মহামাৰী ৰূপে মর্মে মর্মে উপলব্ধি কৰাইছে৷ সেইবাবে এক প্রদূষণমুক্ত নির্মল প্রাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ আমি এই সংকটৰ সময়ত প্রতিশ্রুতিবদ্ধ হ’ব লাগিব৷ তেনে পৰিৱেশ গঢ়ি তুলিব পাৰিলেহে আমি উত্তৰ প্রজন্মৰ বাবে উশাহ ল’ব পৰা নির্মল আকাশ দি যাব পাৰিম৷

You might also like