নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ : পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক বায়’ ইথানল প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাটৰ মৰঙিৰ নুমলীগড় শোধনাগাৰৰ সমীপতে স্থাপিত পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক ইথানল উৎপাদিত প্ৰকল্প অসম বায়’ ইথানল প্ৰাঃ লিঃ বা চমুকৈ বায়’ ৰিফাইনেৰীৰ আজি শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে৷
লেটেকুজান খেলপথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত আজি দিনৰ প্ৰায় দুই বজাত প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰখন অৱতৰণ কৰে আৰু তাৰ পৰা তেওঁ ৰাওনা হয় বায়’ ৰিফাইনেৰী প্ৰকল্পলৈ আৰু প্ৰকল্পটোৰ শুভ উদ্বোধনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে৷ বায়’ ৰিফাইনেৰীটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ নিৰ্মাণত জড়িত বিষয়া-কৰ্মচাৰীৰ সৈতে অঞ্চলটোত উন্নয়নকেন্দ্ৰিক এক চমু বাৰ্তালাপতো ভাগ লয়৷
উল্লেখ্য যে নুমলীগড় শোধনাগাৰ আৰু ফিনলেণ্ডৰ দুই প্ৰতিষ্ঠান ফৰটাম আৰু ক্যামপলিচৰ যুটীয়া প্ৰচেষ্টাত প্ৰায় ৫০০০ কোটি টকা ব্যয়েৰে স্থাপিত অসম বায়’ প্ৰাঃ লিমিটেডত বছৰি ৫০ হাজাৰ মেট্ৰিক টন ইথানল উৎপাদিত হ’ব, যি পেট্ৰ’লজাত সামগ্ৰীৰ বাবে বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতাক ২০% হ্ৰাস কৰাত অৰিহণা যোগাব৷ উচ্চ মূল্যৰ ইথানলৰ উপৰি জৈৱ প্ৰকল্পটোত বছৰি প্ৰায় ১৯ হাজাৰ মেট্ৰিক টন ফাৰফ্যুৰেল, ১১ হাজাৰ মেট্ৰিক টন এচিটিক এচিড আৰু ৩২ হাজাৰ মেট্ৰিক টন জুলীয়া কাৰ্বন ডাই অক্সাইড তথা ২৫ মেগাৱাট সেউজ বিজুলীও উৎপাদিত হ’ব৷ জৈৱ ইথানল প্ৰকল্পটো উদ্বোধনৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ৭২৩০ কোটি টকা ব্যয়সম্বলিত আৰু নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ ভিতৰতে স্থাপিত হ’ব লগা এই প্ৰকল্পই পলিপ্ৰপিলিনৰ বাবে বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ২০% হ্ৰাস কৰিব৷
বায়’ ৰিফাইনেৰী উদ্বোধন আৰু পলিপ্ৰপিলিন প্ৰকল্পৰ শিলান্যাসৰ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ সৈতে সহযোগিতা আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব পংকজ জৈন, এনআৰএলৰ অধ্যক্ষ ড° ৰঞ্জিত ৰথ, এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তি৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like