শুল্কৰ বাবেই ভাৰত–আমেৰিকাৰ সম্পর্কত ফাট মেলিছে : ড’নাল্ড ট্রাম্প
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি হোৱা নাই৷ ইপিনে, শুল্ক বোমাৰ বাবে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পর্কত জটিলতা আহি পৰিছে৷ ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতক হুংকাৰ দি আহিছে৷ এই পৰিস্থিতিৰ মাজতে হঠাতে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে সুৰ সলনি কৰিছে৷
ৰাষ্ট্রপতি ট্রাম্পে আত্মউপলব্ধি কৰি কয়– ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ বাবে দুই দেশৰ সম্পর্কত ফাট মেলিছে৷ এক সাক্ষাৎকাৰত ট্রাম্পে কয়- ভাৰত ৰাছিয়াৰ সবাতোকৈ ডাঙৰ গ্রাহক৷ মস্কোৰ পৰা তেল ক্রয় কৰাৰ বাবেই ভাৰতৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে৷ এই সিদ্ধান্ত সহজ নাছিল৷ শুল্কৰ কাৰণেই ভাৰত–আমেৰিকাৰ সম্পর্কত জটিলতা আহিছে৷
তদুপৰি ইউক্রেইন যুদ্ধৰ প্রসংগ উত্থাপন কৰি মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিক লৈ আলোচনা কৰাৰ পিছতো কোনো সু–মীমাংসা নোহোৱাক লৈ তেওঁ অধৈর্য হোৱা বুলি কয়৷ উল্লেখ্য যে ট্রাম্পৰ দাবীসমূহ মানি নোলোৱাৰ বাবেই ভাৰত আৰু আমেৰিকাৰ মাজত হ’বলগীয়া বাণিজ্যিক চুক্তি এতিয়ালৈকে চূড়ান্ত হোৱা নাই৷ যিয়ে দুয়োখন দেশৰ মাজত সম্পর্কত অধিক জটিলতা আনিছে৷