সন্তোষ ট্ৰফীলৈ অসমৰ ফুটবল দল ঘোষণা
সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত ৭৯ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাখনিৰ মূল ৰাউণ্ডৰ খেলসমূহ ধেমাজি আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু চিলাপথাৰত অহা ২১ জানুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈকে অনুষ্ঠিত হ’ব৷
প্রতিযোগিতাখনিত মূল ৰাউণ্ডত ভাৰতবর্ষৰ ১২খন ৰাজ্যই অংশগ্রহণ কৰিব৷ দলসমূহ হ’ল–কেৰালা, পঞ্জাব, ওড়িশা, মেঘালয়, নাগালেণ্ড, ৰে’লৱে, ৰাজস্থান, তামিলনাডু, উত্তৰাখণ্ড, ছার্ভিচেছ, পশ্চিমবংগ আৰু অসম৷
উক্ত প্রতিযোগিতাত অংশগ্রহণৰ বাবে অসম ফুটবল সন্থাই অসমৰ দলটো ঘোষণা কৰে৷ খেলুৱৈসকল হ’ল– সত্যজিৎ বৰদলৈ, নৱজ্যাতি আয়ন গ’লকীপাৰ৷ দীপু গোহাঁই, চুডেম ৱাৰি, ডিডম হাজোৱাৰী, আম্বৰ চেত্রী, নৱীন ৰাভা, ডানশ্রাং বসুমতাৰী, ৰৌস্তম ব্রহ্মৰক্ষণ বিভাগ৷ তিমথী নার্জাৰী, ঋতুৰাজ মোহন, জাংমিংলু কুকি, প্রজ্ঞান সুন্দৰ গগৈ, ঋষিৰাজবৰুৱা, শুভম চেত্রী মিড ফিল্ড, সুদীপ্ত কোঁৱৰ, আক্রাং নার্জাৰী, দীপু মির্ধা, গগমচাৰ গয়াৰী, অনুপম বৰগোহাঁই, প্রাঞ্জল ভূমিজ আৰু ময়ূখ গগৈ৷
অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকলে প্রতিযোগিতা সমূহত ক্রীড়াপ্রেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে৷
বিশেষ বার্তা, যোৰহাট, ১৭ জানুৱাৰী