নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশাল জনসভাৰ প্ৰস্তুতি

নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত অহা ১৮ জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্বোধন কৰিবলগীয়া বিশাল জনসভাখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

জানিব পৰা মতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বহুকেইটা উন্নয়নমূলক কামৰ শুভ উন্মোচন কৰাৰ লগতে কাজিৰঙাত প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰখনে বিশাল জনসভাখন সফল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে ৷

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাখনৰ প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৌচন্দা পথাৰ পৰিদৰ্শন কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগা উক্ত জনসভাখনত প্ৰায় ১ লাখ ৫০ হাজাৰ লোকৰ জনাসমাগম হ’ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে ৷ উক্ত সভাখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷

নিয়মীয়া বাৰ্তা, চামগুৰি, ১৬ জানুৱাৰী :
You might also like