নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অৱহেলাত মৃত্যুৰ অভিযোগেৰে ধুবুৰীত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ধুবুৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনৰ অৱহেলাৰ বাবেই বিদ্যুৎস্পৃষ্ট এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত আজি ধুবুৰীত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। ঘটনাৰ বিৱৰণী অনুসৰি, আজি চহৰখনৰ বীনপট্টিৰ বিনোদ বীন নামৰ এজন যুৱক তথা পেছাত গ্ৰীলমিস্ত্ৰী এগৰাকীয়ে কামকৰি থাকোতে অকস্মাতে বিদ্যুৎস্পৃষ্ট হয়। সেয়া অৱগত হৈ আত্মীয়–স্বজন, বন্ধু–বান্ধৱে যুৱকজনক ধুবুৰীৰ ‘‘চিলাৰায় মাল্টি স্পেছিয়ালিটী হস্পিটাল’ নামৰ ব্যক্তিগত খণ্ড চিকিৎসালয় এখনলৈ নিয়ে। অভিযোগ অনুসৰি প্ৰায় এঘন্টা জুৰি চিকিৎসালয়খনত চিকিৎসক আহি নোপোৱাত যুৱকজনক ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী গৌৰীপুৰৰ আন এখন চিকিৎসালয়লৈ নিয়া হয় যদিও দূৰ্ভাগ্যবশতঃ যুৱকজনৰ মৃত্যু ঘটে। এই ঘটনাই মৃত বিনেদ বীনৰ আত্মীয়–স্বজন, বন্ধু–বান্ধৱৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে আৰু ধুবুৰীৰ সেই ব্যক্তিগত চিকিৎসালয়খনৰ গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ তুলি সেই যুৱকজনৰ মৃতদেহটো লৈ সেই চিকিৎসালয়খনৰ সন্মুখৰ ৰাজপথ অৱৰোধ কৰে। বিষয়টো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী–চিআৰপিএফৰ দলকে ধৰি প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হয়। ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে উত্তেজিত ৰাইজক বিষয়টো লৈ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পথ অৱৰোধ উঠাই ল’বলৈ আহ্বান জনায় যদিও নিজৰ স্থিতিত আঁকোৰগোজ হৈ থাকে অৱৰোধকাৰীসকলে। ফলত ধুবুৰী চহৰৰ মূল প্ৰৱেশপথৰ জিটিবি ৰোডৰ সেইচোৱা অংশত হোৱা অৱৰোধৰ বাবে ধুবুৰীৰ পৰা গাড়ীৰ অহা–যোৱা ব্যাহত হৈ পৰে। বহু সময় ধৰি চলা এনে এক অচলাৱস্থাৰ মাজতে পৰিস্থিতি ক্ৰমশঃ অধিক উত্তপ্ত হৈ উঠে আৰু ইয়াৰ মাজতে অৱৰোধকাৰীৰ মাজৰে কোনোবাই অকষ্মাতে কাষতে থকা ৰেলপথৰ শিলগুটি দলিওৱাৰ ফলত চিকিৎসালয়খনৰ বাতায়নৰ কাঁচৰ গ্লাচ এখন ভাঙে। তেতিয়া আৰক্ষী আৰু চিআৰপিএফে লাঠি চালনা কৰে আৰু তেতিয়া অৱৰোধকাৰী সকল ছত্ৰভংগ দিয়ে। বৰ্তমানে পথচোৱাৰে বাহনৰ স্বাভাৱিক যাতায়াত অব্যাহত আছে যদিও ভিতৰি ভিতৰি অঞ্চলটোত এক চেপা উত্তেজনাও বিৰাজ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like