নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : খৰাঙৰ কবলত এছিয়া

বিশ্বৰ বিভিন্ন দেশত এতিয়া প্রচণ্ড তাপপ্রবাহ চলি আছে৷ সাধাৰণতে এপ্রিল বা মে’ৰ প্রথম সপ্তাহত তেনে উৎকট গৰম সহ্য কৰিবলগীয়া নহয়৷ কিন্তু এইবাৰ বিভিন্ন দেশত তাপমাত্রাই ইতিমধ্যে ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ অকল সেয়াই নহয়, বিশ্বৰ বিভিন্ন দেশ এতিয়া ভয়াৱহ খৰাঙৰ কবলত পৰিছে৷ জলবায়ু পৰিৱর্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱত এতিয়া বহু দেশেই প্রত্যক্ষ কৰিবলগীয়া হৈছে অভাৱনীয় খৰাং পৰিস্থিতি৷ শেহতীয়াকৈ এছিয়াৰ কেইবাখনো দেশ খৰাঙৰ কবলত পৰিছে৷ প্রশান্ত মহাসাগৰত এল নিনোৰ প্রভাৱত যোৱা বছৰৰ পৰা সৃষ্টি হৈছে বিশেষ জলবায়ু পৰিঘটনা৷ এই পৰিঘটনাৰ ফলত একাংশ দেশত অতিবৃষ্টিৰ সৃষ্টি হোৱাৰ লগতে অন্য একাংশ দেশত ভয়াৱহ অনাবৃষ্টিয়ে দেখা দিছে৷ আফ্রিকাৰ বিভিন্ন দেশ দীর্ঘদিন ধৰি খৰাঙৰ কবলত আছে৷ যাৰ ফলত নদ–নদী শুকাই গৈছে৷ ভূগর্ভৰ জলস্তৰ হ্রাস পাই আহিছে৷ অকল সেয়াই নহয়, হর্ন অৱ আফ্রিকা হিচাপে পৰিচিত কেইবাখনো দেশত অৰণ্য অঞ্চল শুকাই গৈছে৷ বহু অৰণ্যৰ জীৱ–জন্তুৰ মৃত্যু হৈছে খৰাঙৰ প্রভাৱত৷ আফ্রিকাৰ কেইবাখনো দেশত এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে এছিয়ালৈ নামি আহিছে বিপর্যয়৷ শেহতীয়াকৈ পূব এছিয়াৰ ৰাষ্ট্র ফিলিপাইনছত খৰাং পৰিস্থিতিয়ে কঢ়িয়াই আনিছে দুর্যোগ৷ এই খৰাং পৰিস্থিতিৰ ফলত এটা বৃহৎ জলাশয় শুকাই গৈ ৩০০ বছৰ পুৰণি চহৰ এখনৰ ধ্বংসাৱশেষ পুনৰ দৃশ্যমান হৈছে৷ উল্লেখনীয় যে ১৯৭০ চনত এটা বান্ধ নির্মাণ কৰা হৈছে জল সংৰক্ষণৰ বাবে৷ ইয়াৰ ফলত পাণ্টাবানগান নামৰ চহৰখন পানীত অদৃশ্য হৈ গৈছিল৷ ৩০০ প্রাচীন এই চহৰখন এইবাৰ খৰাং পৰিস্থিতিৰ বাবে পুনৰ দৃশ্যমান হৈছে৷ চহৰখনৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে জলস্তৰ শুকাই অহাৰ লগে লগে৷ ফিলিপাইনছৰ আধাতকৈ বেছি অঞ্চল এতিয়া খৰাঙৰ কবলত৷ উল্লেখনীয় যে প্রতিখন চহৰত বৃদ্ধি পাইছে তাপমাত্রা৷ এল নিনোৰ প্রভাৱতেই এনে খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে জলবায়ু বিজ্ঞানীসকলে৷
লক্ষণীয় বিষয়টো হৈছে– এল নিনো লেটিন আমেৰিকাৰ পৰা প্রশান্ত মহাসাগৰৰ জলৰাশিত সৃষ্টি হোৱা এক উষ্ণ পৰিঘটনা৷ অর্থাৎ লেটিন আমেৰিকাৰ পৰা প্রশান্ত মহাসাগৰৰ জলপৃষ্ঠত এক উষ্ণ বতাহ আৰম্ভ হয়৷ ইয়াৰ পৰাই সৃষ্টি হয় জলবায়ু সম্বন্ধীয় বিভিন্ন দুর্যোগ৷ এল নিনো অহাৰ সময়ত বিভিন্ন দেশ যেনেদৰে খৰাঙৰ কবলত পৰে, সেইদৰে বহু দেশত আকৌ অতি বৃষ্টিয়ে কঢ়িয়াই আনে বান৷ এল নিনো এবাৰ আহিলে তিনি বছৰলৈকে থাকিব পাৰে তাৰ প্রভাৱ৷ এল নিনোৰ বিপৰীত পৰিঘটনাটো হৈছে লা নিনা৷ স্পেনিছ এই শব্দ দুটাৰ জৰিয়তে প্রশান্ত মহাসাগৰত সৃষ্টি হোৱা জলবায়ু সম্বন্ধীয় পৰিঘটনাক বুজোৱা হৈছে৷ স্পেনিছ অর্থ অনুসৰি এল নিনো হৈছে ‘সৰু ল’ৰা’ আৰু লা নিনাৰ অর্থ ‘সৰু ছোৱালী’৷ ইয়াৰ প্রভাৱতেই এতিয়া লেটিন আমেৰিকাৰ পৰা আৰম্ভ কৰি প্রশান্ত মহাসাগৰীয় অঞ্চললৈকে প্রাকৃতিক দুর্যোগ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে এইবাৰো বিভিন্ন দেশত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বিপৰীতে কিছুসংখ্যক দেশত অতিবৃষ্টিৰ সৃষ্টি হ’ব৷ ইতিমধ্যে বতৰ বিজ্ঞানীসকলে দাবী কৰিছে যে এল নিনো আৰু লা নিনাৰ প্রভাৱত এইবাৰ ভাৰতসহ এছিয়াৰ কেইবাখনো দেশত বর্ষাকাল পূর্বৰ তুলনাত আগতে আৰম্ভ হ’ব৷ কিন্তু এছিয়াৰে একাংশ দেশত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল বতৰ বিজ্ঞানীসকলে৷ ইতিমধ্যে বতৰ বিজ্ঞানীসকলে দিয়া পূর্বাভাস সত্য বুলি প্রমাণিত হৈছে৷ ইফালে, গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনে এনে ৰূপ ধাৰণ কৰিছে যে বিশ্বৰ মৰুময় দেশসমূহতো আৰম্ভ হৈছে ধাৰাসাৰ বৃষ্টিপাত৷ মৰু চহৰ হিচাপে চিহ্ণিত ডুবাইত বিগত ৭৫ বছৰৰ ভিতৰত প্রথমবাৰলৈ এদিনতে আটাইতকৈ বেছি বৃষ্টিপাত হৈছে৷ যি ডুবাইত বৰষুণ আটাইতকৈ কম, সেইখন চহৰতেই এইবাৰ বান আৰু ধুমুহাই সৃষ্টি কৰিছে তাণ্ডৱ৷ অকল সেয়াই নহয়, মধ্যপ্রাচ্যৰ কেইবাখনো দেশত ইতিমধ্যে অতিবৃষ্টিয়ে তাণ্ডৱ সৃষ্টি কৰিছে৷ ইয়াৰ সৈতেও এল নিনোৰ সম্পর্ক থকা বুলি বতৰ বিজ্ঞানীসকলে দাবী কৰিছে৷ এতিয়া মূল কথাটো হৈছে– গোলকীয় উষ্ণতা বৃদ্ধি আদিত এল নিনোৰ দৰে পৰিঘটনাৰ ইন্ধন আছে৷ কিন্তু মানৱসৃষ্ট গোলকীয় উষ্ণতা বৃদ্ধিক প্রতিৰোধ কৰিবলৈ ৰাষ্ট্রসংঘৰ নেতৃত্বত যি জলবায়ু সন্মিলন চলি আহিছে আৰু এই সন্মিলনত যি সিদ্ধান্তবোৰ গ্রহণ কৰা হৈছে, তাক কার্যকৰী কৰিবলৈ বিশ্বৰ দেশসমূহে কেতিয়া তৎপৰতা দেখুৱাব ৰাষ্ট্রসংঘৰ জলবায়ু বিশেষজ্ঞই ইতিমধ্যে সতর্কবাণী কৰিছে যে যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ গ্রীন হাউছ গেছ নিঃসৰণ হ্রাস কৰা নহয়, তেন্তে পৃথিৱীত দুবছৰতেই আৰম্ভ হ’ব ভয়াৱহ দুর্যোগ, যিয়ে বিপন্ন কৰিব মানৱ জাতিৰ ভৱিষ্যৎ৷

You might also like