অধ্যাপনা এৰি মাটিৰ দালালত নামিল প্ৰফেছৰ, ভুক্তভোগীয়ে ধৰালে কাণত
ৰাজহুৱা স্থানত বিশ্বনাথ মহাবিদ্যালয়ৰ এজন প্ৰবক্তাক কাণত ধৰি আঁঠু কঢ়োৱাৰ এটা ভিডিঅ সামাজিক মাধ্যমত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰবক্তা জনৰ নাম সীমান্ত হাজৰিকা৷ পৰিসংখ্যা বিভাগৰ অস্থায়ী প্ৰবক্তাজনে চতিয়া নাগশংকৰৰ বিজিত শইকীয়া নামৰ যুৱকজনৰে মিলি মাটি বিক্ৰীৰ বাবে প্ৰৱঞ্চনা কৰি এজন লোকৰ পৰা এক কোটি বিশ লাখ টকা আত্মসাৎ কৰিছিল ৷
কিন্তু দিন বেয়া আছিল তেওঁলোকৰ, যাৰ বাবে এইদৰে ৰাজহুৱা স্থানত দুয়োকে কাণত ধৰাই আঁঠু কঢ়ায় ভুক্তভোগীয়ে৷
Niyomiya Barta Desk, 28 August