নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাংবাদিক নিত্য বৰাৰ দেহাৱসান

অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সাংবাদিক নিত্য বৰাৰ আজি দেহাৱসান ঘটে। যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, দিনৰ প্ৰায় ২:২০ বজাত বিশিষ্ট সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।

নিজৰ দীৰ্ঘ সাংবাদিক জীৱনত নিত্য বৰাই বহু কেইখন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছিল। অসমীয় সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদান স্মৰণীয় হৈ থাকিব বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিশিষ্ট লেখক-সাংবাদিকগৰাকীৰ শেষকৃত্য গুৱাহাটী মহানগৰীত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ ফালৰ পৰা জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ২২ এপ্ৰিল

You might also like