চুবুৰীয়া দেশ বাংলাদেশত হিন্দু যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত কালি বাঙালী পৰিষদ, অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মাৰ্ঘেৰিটা বজাৰস্থিত অটো ষ্টেণ্ডৰ সমীপত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে হিন্দুসকলক সুৰক্ষা দিয়ক, মহম্মদ ইউনুছ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি বাংলাদেশৰ পতাকা দাহ কৰি প্ৰতিবাদ জনায়।
অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বাংলাদেশৰ হিন্দুসকলক সুৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ আহ্বান জনায়। অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰে লিডু চহৰতো বাঙালী পৰিষদ, অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ২৩ ডিচেম্বৰ :