বোকাজানত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। বোকাজান মহকুমাৰ অন্তৰ্গত শুকানজানত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ডিমাপুৰ দিশৰ পৰা আহি থকা AS-21 AC-8999 নম্বৰৰ ট্ৰাকখনে প্ৰথমতে এজন যুৱকক মহটিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা AS-09 AC-9033 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয়।
জয়ৰাম গুপ্তা নামৰ শুকানজানৰ যুৱকজন থিতাতে নিহত হোৱাৰ বিপৰীতে বলেৰ’ পিকআপ বাহনখনত থকা যশোৱা টিগা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ :