পুনৰ আন এজন ছাত্রনেতাক হ/ত্যা বাংলাদেশত
নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাডিৰ মৃত্যুৰ পিছত বাংলাদেশত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ শাম নৌকাটোঁতেই পুনৰ আন এজন যুৱ নেতাক গুলীয়াই হত্যা কৰাৰ ঘটনা ঘটিছে চুবুৰীয়া দেশখনত৷ বাংলাদেশৰ খুলনাত নাহিদ ইছলামৰ দল জাতীয় নাগৰিক পার্টী চমুকৈ এনচিপি নেতা মহম্মদ মোতালেব শিকদাৰক কোনো অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই আহত কৰাৰ পিছত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়৷
দলীয় সূত্রৰ খবৰ অনুসৰি কিছুদিনৰ পিছতেই খুলনাত এনচিপিৰ শ্রমিক সংগঠনৰ এখন সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ তাৰ পূর্বেই ঘটিল এই ঘটনাটো৷ ওছমান হাডিৰ মৃত্যুক লৈ বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে সোমবাৰে গুলীবিদ্ধ হয় শিকদাৰ৷ এনচিপিৰ খুলনাৰ সংগঠক চৈয়ফ নোৱাজে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে মোতালেব আছিল দলটোৰ খুলনাৰ বিভাগীয় আহ্বায়ক৷ দলটোৰেই শ্রমিক সংগঠন জাতীয় শ্রমিক শক্তিৰ তেওঁ আছিল সংগঠক৷ সোণাদাঙা থানাৰ পৰিদর্শক (তদন্ত) অনিমেষ মণ্ডলে জনোৱা মতে, মোতালেবক কেইজনমান দুষ্কৃতিকাৰীয়ে গুলী কৰে৷ তাৰ পিছতেই তেওঁক খুলনা মেডিকেল কলেজত ভর্তি কৰোৱা হয়৷ তাৰ পৰাই তেওঁক মস্তিষ্কৰ চিটি স্কেন কৰোৱাৰ বাবে অন্য এখন চিকিৎসালয়লৈ নিয়া হয়৷ চিকিৎসা চলি থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়৷ যোৱা বছৰ বাংলাদেশত ছাত্র সংগঠনৰ নেতৃত্বত যি হিংসাত্মক বিদ্রোহ সংঘটিত হৈছিল তাৰ অন্যতম নেতা আছিল মোতালেব৷
উল্লেখযোগ্য যে ১২ ডিম্বেৰত ঢাকাত একেদৰেই কোনো অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই আহত কৰিছিল দেশখনৰ আগশাৰীৰ যুৱ নেতা শ্বৰীফ ওছমান হাডিক৷ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ নিয়া হয় যদিও এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি তেওঁ যোৱা বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র বাংলাদেশতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হাডিৰ হত্যাকাণ্ডত এইপর্যন্ত ১২জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷
ইফালে দেশখনৰ নির্বাচন আয়োগে ১২ ফেব্রুৱাৰীত সাধাৰণ নির্বাচনৰ দিন ঘোষণা কৰিছে৷ এনে এক পৰিস্থিতিত বাংলাদেশত নির্বিঘ্ণে ভোটগ্রহণ হ’ব নে নাই তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷