নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিচৈ ভেলীৰ বিবদমান এলেকাক লৈ চুক্তিঃ ডিমাপুৰত অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠক, স্বাক্ষৰ কৰিলে দুই ৰাজ্য চৰকাৰৰ মুখ্য সচিবে

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: অসম–নাগালেণ্ডৰ দীর্ঘদিনীয়া সীমা সংঘাতৰ বিষয়টো মীমাংসাৰ দিশত ইতিবাচক গতি লাভ কৰিছে৷ আগ্রাসী মিজো আৰক্ষী–দুর্বৃত্তই শেহতীয়াকৈ সংঘটিত কৰা বর্বৰোচিত আক্রমণৰ ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে অসম–নাগালেণ্ডৰ মাজত শনিবাৰে স্বাক্ষৰিত হ’ল এখন ঐতিহাসিক চুক্তি৷

যিখন চুক্তি দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ পথ এটা সবল খোজ ৰূপে বিবেচিত হৈছে৷ যোৱা সময়ছোৱাত মৰিয়নি সমষ্টিত নগাই অসমৰ ভূমি দখল কৰি স্থানীয় লোকক নানা ধৰণে আতিশয্য চলাই অহাৰ লগতে দিচৈ ভেলী বনাঞ্চল কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আনকি বনাঞ্চলখন দখল কৰি নগা দুর্বৃত্তই অসমৰ নাগৰিকলৈ গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল৷ এনেধৰণৰ ঘটনাই সীমান্তবাসীক আতংকিত কৰি ৰখাৰ মাজতে আজি দুয়োখন ৰাজ্যই বনাঞ্চলখনৰ বিবদমান এলেকাক লৈ এক বুজাবুজিৰ চুক্তিত উপনীত হ’ল৷

নাগালেণ্ডৰ ডিমাপুৰ সমীপৰ চুনুকীডিমাত শনিবাৰে দুয়োখন ৰাজ্যৰ মুখ্য সচিবে আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰে৷ চুক্তি স্বাক্ষৰ সময়ত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু নাগালেণ্ডৰ উপ–মুখ্যমন্ত্রী ৱাই পেট্টন৷ সম্পাদিত এই বুজাবুজি চুক্তি অনুসৰি উভয় ৰাজ্যই দিচৈ ভেলী বনাঞ্চলক লক্ষ্য কৰি বেছ কেম্পত যি সশস্ত্র বাহিনী নিয়োজিত কৰিছে, সেই সশস্ত্র বাহিনী অহা ২৪ ঘণ্টাৰ ভিতৰত অসম আৰু নাগালেণ্ডে প্রত্যাহাৰ কৰিব লাগিব৷ তদুপৰি দুয়োখন ৰাজ্যই সীমান্তত শান্তি আৰু সুৰক্ষা ব্যৱস্থা বজাই ৰখাত সন্মতি প্রকাশ কৰে৷

আনহাতে, নাগালেণ্ডৰ আও ছেনদেন ভিলেজ আৰু ভিকুটু ভিলেজৰ আশে–পাশে শান্তি বাহাল ৰখাৰ বিপৰীতে অসমে জানখনা নলা অথবা নগাজংখাৰ আশে–পাশে শান্তি বজাই ৰাখিব৷ শনিবাৰে সম্পাদিত চুক্তি অনুসৰি এই অঞ্চলকেইটা দুয়োখন ৰাজ্যই ইউ এ ভি আৰু ছেটেলাইটৰ জৰিয়তে নিৰীক্ষণ কৰিব৷ সামন্তৰালভাৱে দুয়োখন ৰাজ্যই বনাঞ্চলখনত নিয়োজিত কৰা সশস্ত্র বাহিনী প্রত্যাহাৰৰ বাবে ২৪ ঘণ্টা ল’ব আৰু নাগালেণ্ডৰ তৰফৰ পৰা এই সশস্ত্র বাহিনী মুককছাং জিলাৰ আৰক্ষী অধীক্ষকে এই দায়িত্ব গ্রহণ কৰিব৷ সমান্তৰালভাৱে অসমৰ তৰফৰ পৰা সুৰক্ষা বাহিনী প্রত্যাহাৰৰ দায়িত্ব ল’ব যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে৷

উল্লেখ্য যে বিগত দীর্ঘসময় ধৰি দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলখনক লৈ অসম–নাগালেণ্ডৰ সংঘাত তীব্রতৰ হোৱাৰ লগতে নাগালেণ্ডে উক্ত বনাঞ্চলৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰি কিছুদিন পূর্বে ব্যাপক বেদখল কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলখনলৈ যোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীলৈ গুলীচালনা কৰিছিল৷ এই ঘটনাৰ পাছতে উভয় পক্ষই সীমান্তত শান্তি তথা স্থিতাৱস্থা বজাই ৰখাৰ বাবে সিদ্ধান্ত গ্রহণ কৰি সংৰক্ষিত বনাঞ্চলত নতুন নির্মাণ কৰা বি’পিসমূহ প্রত্যাহাৰৰ সিদ্ধান্ত লয়৷

ইফালে  এই চুক্তিক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি ইয়াক ঐতিহাসিক বুলি মন্তব্য কৰিছে৷ টুইটযোগে মুখ্যমন্ত্রীয়ে কয়– অসম–নাগালেণ্ড সীমান্তত উত্তেজনা হ্রাস কৰাৰ দিশত এই চুক্তি গুৰুত্বপূর্ণ সাফল্যস্বৰূপ হ’ব৷ বিশেষকৈ দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি স্থাপনৰ বাবে এয়া ঐতিহাসিক পদক্ষেপ৷

আনহাতে, শনিবাৰে সম্পাদিত চুক্তি স্বাক্ষৰ বৈঠকত উপস্থিত থকা ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে যোৰহাটত এই সন্দর্ভত কয়– দীর্ঘদিন ধৰি অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রীদ্বয়ে এই সীমা সমস্যাক লৈ আলোচনা চলাই আহিছিল৷ আমি শান্তিপূর্ণ আলাপ–আলোচনাৰে আৰু শান্তিপূর্ণ সহাৱস্থানেৰে সীমা সমস্যাটো সমাধান কৰাত বুজাবুজি চুক্তি সম্পাদিত কৰিবলৈ সক্ষম হ’লোঁ৷ এই চুক্তিৰ ফলত যোৰহাট জিলাৰ মৰিয়নি, দিচৈ ভেলী অঞ্চলত যি উত্তেজনা সৃষ্টি হৈ আহিছিল, সেয়া শাম কটাৰ লগতে পৰিস্থিতি যথেষ্ট উন্নত হ’ব৷ নাগালেণ্ডে জানখনা নলাত যি সশস্ত্র বাহিনী মোতায়েন কৰিছিল, সেয়া প্রত্যাহাৰ কৰিব আৰু আমিও বি’পিৰ পৰা আমাৰ সশস্ত্র বাহিনী প্রত্যাহাৰ কৰিম৷

মন কৰিবলগীয়া যে অসম–নাগালেণ্ড সীমা বিবাদক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে৷ দুয়োখন ৰাজ্যৰ মাজৰ এই বিবাদ শনিবাৰে সম্পাদিত চুক্তিৰ জৰিয়তে কিছু প্রশমন হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like