নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকৰ ক্ষোভ–প্রতিবাদ

পাঁচটাকৈ সংগঠনৰ বিক্ষোভত উত্তাল লাষ্টগেট

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ শিক্ষা বিভাগত সর্ববৃহৎ নিযুক্তিৰে ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰাৰ সময়তে বঞ্চিত একাংশ শিক্ষকে চকুলো টুকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আজি নতুন প্রাদেশিকীকৰণ আইনৰ অজুহাতেৰে চৰকাৰীকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটিল দিছপুৰ লাষ্টগেটত৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয় দিনা চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সহস্রাধিক শিক্ষকে সাব্যস্ত কৰিলে প্রতিবাদ৷ মুঠ পাঁচটা সংগঠনৰ উদ্যোগত ধর্ণা কার্যসূচীত অংশগ্রহণ কৰি এই শিক্ষকসকলে চৰকাৰক শীঘ্রে প্রাদেশিকীকৰণৰ প্রক্রিয়া সম্পূর্ণ কৰিবলৈ আহ্বান জনায়৷ ২০–২৫ বছৰ ধৰি শিক্ষকতা কৰাৰ পাছতো পদ প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ প্রতিবাদস্থলীতে কান্দোনত ভাগি পৰিল একাংশ শিক্ষক৷ ইফালে, ৰাজ্য চৰকাৰ হায় হায়, আমাৰ পেটত অন্ন দিয়ক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে দিছপুৰ লাষ্টগেটৰ আকাশ–বতাহ কঁপাই তোলে৷ সদৌ অসম উচ্চ প্রাথমিক বিদ্যালয়ৰ সহকাৰী কল্যাণ শিক্ষক সমিতিৰ উদ্যোগত সহস্রাধিক শিক্ষকে প্রতিবাদ সাব্যস্ত কৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ক্ষেত্রত চৰকাৰে সহকাৰী শিক্ষকৰ পদ দুটা কর্তন কৰা কার্যত ক্ষোভ প্রকাশ কৰে৷ নতুন আইনৰ বাবে ২,১০৭গৰাকী শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ ৰ’ল বুলি উল্লেখ কৰি সন্থাৰ সভাপতি পৱিত্র কলিতাই কয় যে ২০১৩ চনত মধ্য ইংৰাজী বিদ্যালয়সমূহত +১ আর্হিত পদসমূহ প্রাদেশিকীকৰণ কৰা হৈছিল৷ কিন্তু এইবাৰ পাঁচজন শিক্ষকৰ মাজৰ পৰা মাত্র তিনিজনক নিযুক্তি দিয়া হ’ল৷ দুজন শিক্ষকক চৰম আঘাত সানি বঞ্চিত কৰা হ’ল৷ তেওঁলোকে কয়– চৰকাৰৰ দ্বাৰা স্বীকৃতি, অনুমোদনপ্রাপ্ত তথা বিত্তীয় সাহায্য লাভ কৰাৰ পাছতো এই শিক্ষকসকলে আজি নিয়মীয়াকৰণৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল৷ ইফালে ইছ্যু ডেট আৰু এফেক্ট ডেটৰ নিয়মাৱলীৰ বাবে আন একাংশ উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক চৰকাৰীকৰণৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল৷

বিগত সময়ছোৱাত চৰকাৰৰ পদক্ষেপলৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকাৰ পাছতো অৱশেষত বঞ্চিত হোৱা এই শিক্ষকসকলেও আজি দিছপুৰ লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ইছ্যু ডেট ভুক্তভোগী উচ্চ প্রাথমিক বিদ্যালয় শিক্ষক সংস্থাই আজি প্রতিবাদ সাব্যস্ত কৰি অহা ২০ ফেব্রুৱাৰীৰ পূর্বে তেওঁলোকৰ ক্ষেত্রত সৃষ্টি হোৱা জটিলতা দূৰ কৰি পদ প্রাদেশিকীকৰণ কৰিবলৈ দাবী উত্থাপন কৰে৷ সংস্থাৰ সম্পাদক ফজলুল হকে প্রকাশ কৰা অনুসৰি ইছু ডেটৰ সমস্যাৰ বাবে প্রায় ৮৫২খন উচ্চ প্রাথমিক বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ ২৫–৩০ বছৰে শিক্ষকতা কৰি চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত হোৱাত হতাশ হৈ পৰা শিক্ষকসকলে শীঘ্রে তেওঁলোকৰ পদ প্রাদেশিকীকৰণ কৰিবলৈ আহ্বান জনাইছে৷ ইফালে, চৰকাৰীকৰণৰ দাবীৰে আজি প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম যোগ্য স্বীকৃতিপ্রাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাই৷ এই শিক্ষকসকলো একেই সমস্যাৰ সন্মুখীন হৈছে৷ আইনৰ বাধাৰ বাবে বঞ্চিত হ’বলগীয়া হৈছে হিন্দী শিক্ষকসকল৷ প্রায় ৮০০ হিন্দী শিক্ষক পুনৰ চৰকাৰীকৰণৰ পৰা বঞ্চিত হোৱাত তেওঁলোকৰ মাজত সৃষ্টি হৈছে বিৰূপ প্রতিক্রিয়া৷ একেদৰে চৰকাৰীকৰণৰ পৰা বঞ্চিত হৈ আজি বিক্ষোভ প্রদর্শন কৰে আৰবী শিক্ষকসকলেও৷ এই শিক্ষকসকলেও ২৫–৩০ বছৰে শিক্ষকতা কৰাৰ পাছত প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈছে৷ সদৌ অসম মধ্য ইংৰাজী আৰবী ভাষা শিক্ষক সন্থাই আজি দিছপুৰ লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰি শীঘ্রে চৰকাৰক তেওঁলোকৰ প্রতি সুদৃষ্টি দিবলৈ আহ্বান জনায়৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি প্রায় ১০০০ আৰবী শিক্ষক প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈছে৷ আনহাতে, আজি বিভিন্ন দাবীৰে লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাই৷ অসম সেৱা (আৰ’পি) বিধি অনুসৰি বিদ্যালয়ৰ আন শিক্ষকৰ সমহাৰত দৰমহা প্রদান, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা নিযুক্তিপ্রাপ্ত কম্পিউটাৰ শিক্ষকৰ চাকৰি বিনাচর্তে নিয়মীয়া কৰা, কম্পিউটাৰ শিক্ষক বিদ্যালয়ত বাধ্যতামূলক কৰাৰ দাবীৰে শিক্ষক সন্থাই প্রতিবাদ সাব্যস্ত কৰে৷
এবিএমছুৰ প্রতিবাদ
বিভিন্ন দাবীৰ সমর্থনেৰে আজি দিছপুৰ লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাই (এবিএমছু)৷ ছাত্র সংগঠনটোৰ প্রাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে৷ চাৰে তিনি বছৰ উকলি যোৱাৰ পাছতো এই হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাই অনুসন্ধানকাৰী সংস্থা চি বি আই৷ তদুপৰি বিটিচি অঞ্চলত গোষ্ঠীগত সংঘর্ষৰ বলি হোৱা পৰিয়ালসমূহক পুনৰ সংস্থাপন, পর্যাপ্ত সাহায্য প্রদান আদিৰো দাবী উত্থাপন কৰিছে এবিএমছুৱে৷
গৃহৰক্ষীৰ উত্তাল বিক্ষোভ
১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰি গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই৷ চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলা শতাধিক প্রতিবাদকাৰী গৃহৰক্ষী জোৱানক বর্ধিত হাৰত মাহিলি দৰমহা প্রদান কৰিবলৈ দাবী উত্থাপন কৰে৷ তদুপৰি তেওঁলোকক নিয়োগ কৰাৰ ক্ষেত্রত অনলাইন প্রক্রিয়া বন্ধ কৰিবলৈ আহ্বান জনায় প্রতিবাদকাৰীসকলে৷
সংবাদকর্মী সন্থাৰ অৱস্থান কার্যসূচী
দিছপুৰ লাষ্টগেটত সদৌ অসম সংবাদকর্মী সন্থাই এক অৱস্থান কার্যসূচী ৰূপায়ণ কৰে৷ সন্থাৰ এক প্রেছ বিবৃতিত প্রকাশ যে সংবাদপত্র প্রতিষ্ঠানত কর্মৰত অসাংবাদিক সংবাদকর্মীসকলৰ বিভিন্ন অভাৱ–ভিযোগ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ অনুষ্ঠিত কৰা এই অৱস্থানত বিভিন্ন সংবাদ প্রতিষ্ঠানৰ অর্ধশতাধিক অসাংবাদিক শ্রমিক–কর্মচাৰী উপস্থিত থাকে৷ এই অৱস্থান কার্যসূচীত উপস্থিত থাকে এআইইউটিইউচিৰ প্রমোদ চন্দ্র ভাগৱতী আৰু তুষাৰ পুৰকায়স্থ৷ আজিৰ এই অৱস্থানত ভাষণ দিয়ে জিতেন কলিতা, অনিমা দাস, অপূর্ব ভূঞা, ৰামচন্দ্র মেধি আৰু মনোজ মোহন দত্তই৷ অৱস্থান কার্যসূচীত বক্তব্য আগবঢ়ায় সভাপতি সুদীপ্ত সৰকাৰ আৰু সাধাৰণ সম্পাদক দীপক ভূঞাই৷ সন্থাই চৰকাৰৰ আগত উত্থাপন কৰা দাবীসমূহ হ’ল– সকলো অসাংবাদিক সংবাদকর্মীক অৱসৰকালীন ভাট্টা (পেন্সন) প্রদান কৰা, সকলো সংবাদপত্র প্রতিষ্ঠানত অতি আৱশ্যকীয়ভাৱে মাঝিথিয়া দৰমহা আয়োগৰ পৰামর্শাৱলী প্রয়োগ কৰা, সকলো সংবাদপত্র প্রতিষ্ঠানত ‘ষ্টেণ্ডিং অর্ডাৰ’ প্রযোজ্য কৰা, সংবাদকর্মী নিৰাপত্তা আইন প্রযোজ্য কৰা আদি৷

You might also like