নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্রাণ পাবলৈ এতিয়াও বহু বাকীঃ স্বাস্থ্যমন্ত্রী

টেষ্ট–ট্রেছ–ট্রিটৰে ক’ভিড সংকটকালত ৰণকৌশল

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ ক’ভিড–১৯ৰ সংকটকালৰ পৰাই ৰাজ্য চৰকাৰে গ্রহণ কৰা ৰণকৌশল তথা ব্যৱস্থাপনাৰ বিষয়ে শুকুৰবাৰে সদৰী কৰে বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আগন্তুক ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম ছমাহৰ বাবে লেখানুদান দাখিল কৰি বিধানসভাত দিয়া ভাষণত মন্ত্রী ড০ শর্মাই কয়– ‘বিগত ১২ মাহৰ সময়ছোৱা সমগ্র মানৱ জাতিৰ বাবে মানসিক, আৱেগিক, শাৰীৰিক আৰু আর্থিকভাৱে এক বৃহৎ প্রত্যাহ্বান আছিল৷ অতিমাৰীৰ কালত ৰাজহুৱা জীৱনতো আছিল এক অন্যতম প্রত্যাহ্বান৷ এই সংকটকালৰ পৰা পৰিত্রাণ পাবলৈ আমাৰ চৰকাৰে তিনিটা ‘টি’– ‘টেষ্ট’, ‘ট্রেছ’ আৰু ‘ট্রিট’ৰ দ্বাৰা গঠিত এক ত্রিকোণীয় ৰণকৌশল হাতত লৈছিল৷ এই সময়ছোৱাত আমি আই চি ইউ আৰু ভেণ্টিলেচনৰ সুবিধাকে ধৰি আন্তঃগাঁথনি নির্মাণ, সন্মুখৰ যোদ্ধাসকলৰ দক্ষতা বৃদ্ধি, ক’ভিড–১৯ৰ লগত জড়িত প্রট’কল আৰু সর্বোৎকৃষ্ট ব্যৱস্থাৱলী গ্রহণ কৰা তথা ক্ষেত্রীয় পর্যায়ত উৎসাহ–উদ্দীপনা যোগোৱাৰ ক্ষেত্রত নিৰৱচ্ছিন্নভাৱে গুৰুত্ব প্রদান কৰিছিলোঁ৷ ক’ভিড–১৯ অতিমাৰীৰ বিৰুদ্ধে আমি লাভ কৰা সফলতাৰ কাৰণে অক্লান্তভাৱে কাম কৰা লোকসকলৰ বাবে মই গৌৰৱান্বিত৷ ক’ভিডৰ বিৰুদ্ধে যথোপযুক্ত সাৱধানতা লোৱাৰ বাবে সমূহীয়া সজাগতা সৃষ্টিৰ ক্ষেত্রত আমাৰ লগত ঐক্যবদ্ধভাৱে কাম কৰা অসমৰ জনসাধাৰণক মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ জীনৱ ৰক্ষাৰ ক্ষেত্রত চিকিৎসক আৰু নার্ছসকলৰ ভূমিকা নিশ্চয়কৈ অত্যন্ত গুৰুত্বপূর্ণ কিন্তু একে সময়তে চিকিৎসা সেৱাৰ সা–সুবিধাসমূহ সুচল কৰি ৰখাটো সুনিশ্চিত কৰাৰ ক্ষেত্রত আন স্বাস্থ্যকর্মীসকলে আগবঢ়াই অহা সেৱাও কোনোগুণেই কম নহয়৷ এওঁলোক হ’ল সঁচা অর্থত নেপথ্যৰ নায়ক৷’

ক’ভিড–১৯ৰ আৰোগ্যৰ ক্ষেত্রত অসমে ৯৮.৩৭ শতাংশৰ এক উচ্চ হাৰ আৰু মৃত্যুৰ ক্ষেত্রত ০.৫ শতাংশ সর্বনিম্ন হাৰ ৰক্ষা কৰাত আৰম্ভণিৰে পৰাই সফল হোৱা বুলি তেওঁ উল্লেখ কৰে৷ এই প্রসংগতে তেওঁ কয়– ক’ভিড–১৯ৰ বিৰুদ্ধে হোৱা যুঁজখনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ পৰা আমি ২০১৯–২০ বিত্তীয় বর্ষৰ বাবে ৭২.৭৩ কোটি টকাৰ অনুদান লাভ কৰিছোঁ৷ ইয়াৰ উপৰি ক’ভিড–১৯ ব্যৱস্থাপনাৰ উদ্দেশ্যে ২০২০–২১ বিত্তীয় বর্ষৰ বাবে অলপতে আমি লাভ কৰিছোঁ ১৮২ কোটি টকা৷ লগতে আমাৰ ক’ভিড যুদ্ধৰ সন্মুখ সেনানীসকলক প্রথম পর্যায়ত টিকাকৰণৰ কাৰণে ভাৰত চৰকাৰে ২.৪৬ কোটি টকাৰ অনুদান প্রদান কৰিছে৷ ক’ভিড–১৯ ব্যৱস্থাপনাৰ বাবে ড’নাৰ মন্ত্রালয় আৰু গিজ ইণ্ডিয়াৰ পৰা ক্রমে ৪.৯৯ কোটি টকা আৰু ৮.৩৬ কোটি টকা লাভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷ মন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি ক’ভিড–১৯ প্রতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য বিভাগলৈ আবণ্টন দিয়া ৬,১২৬ কোটি টকাৰ উপৰি সাধাৰণ বাজেটলৈ চৰকাৰে অতিৰিক্তভাৱে আবণ্টন দিছে ৭৬০ কোটি টকা৷ সংক্রমিত লোকৰ সংখ্যা প্রতিদিনে দ্রুতভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সম্পদৰ পৰিমাণ তাকৰীয়া আছিল বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– ‘এনে এক জটিল সময়ত আমাৰ কাষত দৃঢ়তাৰে থিয় দিছিল অসমৰ নাগৰিকসকল৷ তেওঁলোকে আমালৈ কেৱল নৈতিক সমর্থন আগবঢ়োৱাই নহয়, তাৰ লগতে নিচেই কম সময়ৰ ভিতৰত অসম আৰোগ্য নিধিলৈ মুঠ ১১৬.৮৯ কোটি টকাৰ বৰঙণি উদাৰহস্তে আগবঢ়াইছিল৷ অসমৰ ৰাইজক জনাবলৈ বিচাৰিছোঁ যে আমি এতিয়ালৈ এই পুঁজিত হাত দিবলগীয়া হোৱা নাই৷ এই সমগ্র পুঁজি এতিয়াও আমাৰ হাতত সংৰক্ষিত হৈ আছে৷ ভৱিষ্যতৰ সময়ছোৱাত ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ এই পুঁজি আমি সর্বাধিক সম্ভৱপৰ সতর্কতাৰে ব্যৱহাৰ কৰিম৷’ মহামাৰীৰ বিৰুদ্ধে হোৱা যুঁজখনৰ সময়ছোৱাত ১,০০০খন আই চি ইউ বিছনা ৪,৫০০খন নিয়মীয়া হাস্পতালৰ বিছনা ১,৪০৮ ভেণ্টিলেটৰ আৰু ৪,৫৪১টা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা বুলি নিজ ভাষণত তেওঁ উল্লেখ কৰে৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি এই মৌলিক আন্তঃগাঁথনিগত সংযোজনসমূহে মহামাৰীৰ বিৰুদ্ধে হোৱা যুঁজখনত সহায় কৰাৰ লগতে অহা দিনবোৰতো বর্তমানে থকা স্বাস্থ্যসেৱা আন্তঃগাঁথনিত অতিৰিক্ত সহায়ক হ’ব৷

তেওঁ পুনৰ কয়– ‘ভাইৰাছবিধৰ বিৰুদ্ধে হোৱা যুঁজখন শেষ হ’বলৈ অথবা ই অনা ভাবুকিৰ পৰা পৰিত্রাণ পাবলৈ এতিয়াও বহুত বাকী আছে৷ এইক্ষেত্রত আমি শিথিলতা প্রদর্শন কৰাৰ সময় আহি পৰা নাই৷ আমি যথেষ্ট সতর্ক হৈ থাকিব লাগিব আৰু এই ৰোগৰ বিৰুদ্ধে হোৱা যুঁজখনৰ পাছৰ পর্যায়টোৰ বাবে সাজু হ’ব লাগিব৷ ইয়াৰ পাছত আমাৰ লক্ষ্য হৈছে টিকাকৰণৰ দ্বাৰা ৰাজ্যখনৰ লোকসকলক সামৰি লোৱা তথা তেওঁলোকক প্রয়োজনীয় সুৰক্ষা প্রদান কৰা৷ ইয়াৰ বাবে ৬.৬ লাখ ভেকচিন ড’জৰ ব্যৱস্থা কৰা হৈছে৷ এতিয়ালৈ ১.১৫ লাখ ভেকচিন ড’জ প্রদান কৰা হৈছে৷ ফলত আমাৰ ৰাজ্যখন ভাইৰাছৰ পৰৱর্তী সংক্রমণৰ পৰা ৰক্ষা পৰিব৷’ ক’ভিড–১৯ৰ সংক্রমণে ভাৰতকে ধৰি সমগ্র বিশ্বকে নোহোৱা–নোপজা লকডাউনৰ পৰিস্থিতিলৈ ঠেলি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘ইয়াৰ ফলত আমাৰ মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) বিকাশত ঋণাত্মক প্রভাৱ পৰিছে৷ আমাৰ ৰাজ্যখনক চলিত বিত্তীয় বর্ষৰ প্রথম দুটা ত্রৈমাসিকত বিকাশৰ ক্ষেত্রত বিৰূপ প্রভাৱ পৰিছে৷ ফলত ৰাজহ সংগ্রহৰ লক্ষ্য পূর্তিৰ ক্ষেত্রত আমি বাৰুকৈয়ে বাধাৰ সন্মুখীন হৈছিলোঁ৷ অৱশ্যে আমাৰ ৰাজ্যখনে অর্থনৈতিক বিকাশৰ ক্ষেত্রত দৃষ্টান্তমূলক উদ্যম–কার্যদক্ষতা দেখুওৱাত সফল হৈছে৷ মই গৌৰৱান্বিত যে আন কিছুমান ৰাজ্যৰ দৰে আমি চৰকাৰী কর্মচাৰীসকলৰ দৰমহা কর্তন কৰিব লগা নহ’ল৷ লগতে পেন্সনাৰসকলকো আমি সময় মতে পেন্সন দিবলৈ সক্ষম হ’লোঁ৷’

You might also like