নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুদিনেই শুনা নাই এয়া আকাশবাণী… আজি বিশ্ব ৰেডিঅ’ দিৱস

-পাৰ্থৱ শইকীয়া

এয়া আকাশবাণী…, আপুনি শুনি আছে গীতিমালিকা…স্মৃতিৰ মণিকোঠাত এতিয়াও আপুনি নিশ্চয় খেদি ফুৰে এইকেইটা শব্দ । সেই স্মৃতিবোৰেই যেন আজি আপোনাক জুমুৰি দি ধৰিছে । যান্ত্ৰিকতা আৰু প্ৰযুক্তিৰ এনে পৰিৱৰ্তনৰ সময়ত আপোনাৰ চ’ৰাঘৰত সংৰক্ষণ কৰি ৰখা ৰেডিঅ’ত আপুনি হয়তো শুনিবলৈ পোৱা নাই সেইকেইটা শব্দ – এয়া আকাশবাণী…

আজি ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব ৰেডিঅ’ দিৱস । ২০১২ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই ৰেডিঅ’ দিৱস । প্ৰথমাৱস্থাত ৰেডিঅ’ দিৱস উদযাপন কৰা হোৱা নাছিল । ২০১০ চনৰ ২০ অক্টোবৰত স্পেনিচ ৰেডিঅ’ একাডেমীৰ অনুৰোধত স্পেইনে সংযুক্ত ৰাষ্ট্ৰই বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰিবৰ কাৰণে এক দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ ইয়াৰ পিছতে ২০১১ চনৰ ৩ নবেম্বৰত সংযুক্ত ৰাষ্ট্ৰই শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইউনেস্ক’ই পেৰিছত আয়োজিত এখন সভাত ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ ১৩ ফ্ৰেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হ’ব । ইয়াৰ পাচতেই প্ৰথমবাৰৰ বাবে ২০১২ চনত ১৩ ফেব্ৰুৱাৰীৰ দিনটোক বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয় ।

ভাৰতবৰ্ষত যদি ৰেডিঅ’ৰ আৰম্ভণিৰ কথা ক’বলৈ যোৱা হয় তেন্তে প্ৰথমাৱস্থাত ই মসৃণ নাছিল । ১৯২১ চনৰ ২০ আগষ্টত মুম্বাই,কলকাতা, মাদ্ৰাছ, লাহোৰত ৰেডিঅ’ৰ সম্প্ৰসাৰণ কৰিছিল যদিও থমকি ৰ’ব লগা হ’ল ৷ ব্যক্তিগত ট্ৰান্সমিটাৰৰ দ্বাৰা ১৯২৪ চনত মাদ্ৰাছ প্ৰেছিডেন্সী ক্লাবে ৰেডিঅ’ৰ প্ৰসাৰণ আৰম্ভ কৰে,কিন্তু তিনি বছৰতে অন্ত পৰে এই যাত্ৰাৰ ৷ ইয়াৰ পাছত ১৮৩৬ চনত “ইম্পীৰিয়েল ৰেডিঅ’ অফ ইণ্ডিয়া”ৰ আৰম্ভ হয়,যিয়ে স্বাধীনতাৰ পিছত অল ইণ্ডিয়া ৰেডিঅ’ নামেৰে বিখ্যাত হয় । ১৯৫৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ নাম পৰিৱৰ্তন কৰি আকাশবাণী কৰা হয় । “বহুজন হিতায়,বহুজন সুখায়” বাক্যশাৰীক সাৰোগত কৰি আকাশবাণীয়ে ২৭ টা ভাষাত শৈক্ষিক, সাংস্কৃতিক, সাহিত্যিক, সামাজিক, খেল, যুৱক যুৱতী,মহিলা তথা কৃষি আৰু পৰিৱেশ সম্বন্ধীয় আদি বিষয়ক লৈ জনতাৰ মাজত নিজৰ প্ৰসিদ্ধি বিয়পায় ।

স্বাধীনতাৰ সময়ত ভাৰতত কেৱল ৬ টা ৰেডিঅ’ ষ্টেচন আছিল ৷ সেই ৬ টা ষ্টেচন কেৱল ১১ শতাংশ শ্ৰোতাৰ মাজতহে আছিল ৷ কিন্তু সম্প্ৰতি ভাৰতত ২৫০ তকৈ অধিক ৰেডিঅ’ ষ্টেচনে ৯৯ শতাংশ শ্ৰোতাৰ মাজত আত্মীয়তাৰ সৃষ্টি কৰিছে ৷ ১৯৯৩ চনত ব্যক্তিগত এফ এম চেনেল অহাৰ পাচতেই ৰেডিঅ’ অধিক জনপ্ৰিয় হৈ পৰে শ্ৰোতাৰ মাজত ।

বৰ্তমান সময়ত ৰেডিঅ’ক লৈ পুৰণি আগ্ৰহ দেখা নাযায় যদিও বহু সংখ্যক লোকৰ বাবে এতিয়াও ৰেডিঅ’ হৈছে নিৰ্ভৰযোগ্য বাতৰি তথা তথ্যৰ উৎস । বিশেষকৈ বৰ্তমান সময়ত চহৰত অত্যধিক শ্ৰোতা আছে ব্যক্তিগত এফ এম চেনেলসমূহৰ । ব্যক্তিগত এফএম সমূহে মনোৰঞ্জনৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব আৰোপ কৰাৰ লগতে যুৱকসকলক আকৰ্ষণ কৰিব পৰাকৈ লোৱা কেতবোৰ অনুষ্ঠানৰ বাবেই এতিয়াও যুৱপ্ৰজন্মৰ মাজত দেখা যায় ৰেডিঅ’ৰ জনপ্ৰিয়তা ।

১৩ ফেব্ৰুৱাৰীৰ বিশ্ব ৰেডিঅ’ দিৱসৰ এই দিনটোতেই নিশ্চয় আপুনিও উভতি গৈছে এৰি অহা দিনবোৰলৈ । ৰেডিঅ’ অবিহনে কোনো এটা দিনেই অতিবাহিত নকৰা আপুনি চাগে বহুদিনেই শুনা নাই – এয়া আকাশবাণী …..

You might also like