ডিজিটেল ডেস্ক, নগাঁও, ২২ মে’ : অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, পেট্ৰল-ডিজেলৰ লগতে জীৱনদায়িনী ঔষধৰ অবাধ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আজি সদৌ নগাঁও জিলা ছাত্র সন্থাই (আছু) নগাঁও চহৰত এক বিক্ষোভ সমদল বাহিৰ কৰে।
জিলা ছাত্ৰ সন্থাই অভিযোগ কৰে যে মূল্যবৃদ্ধি ৰোধত অসম চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে। মূল্যবৃদ্ধিৰ সিদ্ধান্ত জনবিৰোধী আৰু হঠকাৰী বুলি অভিহিত কৰি সন্থাই কয় যে ৰাইজক সকাহ দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ সিদ্ধান্ত জনস্বাৰ্থৰ প্ৰতি চৰকাৰৰ উদাসীনতাক সূচাইছে। নগাঁও জিলা ছাত্র সন্থাই চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে। অন্যথা ৰাইজৰ সহযোগত ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি সন্থাই চৰকাৰক সকীয়নি প্ৰদান কৰে।
সন্থাৰ সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ মূল্যবৃদ্ধি ৰোধ কৰক, আছু জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিক্ৰম হাজৰিকাসহ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।