নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাৰ বৰহাপজানত আইপিএলৰ ২ বুকীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ডুমডুমা, ২২ মে’ : ডুমডুমা আৰক্ষী থানা এলেকাত আইপিএলৰ নামত এখন বৃহৎ জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আৰক্ষীয়ে যোৱানিশা ইয়াৰ বৰহাপজান এলেকাত অভিযান চলাই আইপিএলৰ দুই বুকীক গ্ৰেপ্তাৰ কৰে ৷

অভিযানকাৰী আৰক্ষী দলটোৱে বৰহাপজান বজাৰৰ অনিল প্ৰসাদ (৪৬) আৰু আমিৰুল ইছলাম (৪০) নামৰ দুই বুকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ দলটোৱে ধৃত দুই বুকীৰ বাসগৃহত অভিযান চলাই লক্ষাধিক টকা মূল্যৰ সোণ আৰু ৰূপৰ আ-অলংকাৰ, এটা আইফোনসহ তিনিটা ম’বাইল ফোন আৰু এএছ-২৩ ৱাই-৯১৪৩ নম্বৰৰ এখন আৰটিগা বাহন জব্দ কৰে ৷ আৰক্ষীয়ে ধৃত বুকী দুটাৰ ম’বাইলত অনলাইনযোগে আইপিএলৰ এজেণ্ট নিয়োগ কৰাৰ লগতে জুৱাৰ টকা অনলাইনযোগে সংগ্ৰহ কৰাৰ তথ্যও লাভ কৰিছে ৷

তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশৰ ভিত্তিত ডুমডুমা আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ আৰক্ষীয়ে আইপিএলৰ বুকীৰ বিৰুদ্ধে বৰহাপজানত অভিযান চলাই কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰা বুলিও জানিব পৰা গৈছে ৷ আৰক্ষীৰ অভিযানত বৰহাপজানৰ লগতে ডুমডুমা, ৰূপাই চাইডিং, তালাপ  অধ্যুষিত একাধিক এলেকাত আইপিএলৰ জুৱা চলি থকা তথ্য লাভ কৰা বুলিও জানিব পৰা গৈছে ৷

You might also like