নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাই সাফল্যৰ পথত হেঙাৰ হ’ব নোৱাৰেঃ প্ৰমাণ কৰি দেখুৱালে ধুবুৰীৰ দৰিদ্ৰ চাহ দোকানীৰ পুত্ৰই

নিয়মীয়া বাৰ্তা, ৭ জুনঃ দৰিদ্ৰতাই কেতিয়াও সাফল্যৰ বাটত হেঙাৰ হৈ থিয় দিব নোৱাৰে । তাকেই যেন প্ৰমাণ কৰি দেখুৱালে ধুবুৰী চহৰৰ এখন সৰু চাহ দোকানীৰ পুত্ৰই। অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) ঘোষিত এইবেলিৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত পাঁচটাকৈ বিষয়ত লেটাৰ মাৰ্কচেৰে উজলি উঠিল আশুতোষ ঘোষ নামৰ মেধাৱী ছাত্ৰগৰাকীয়ে। কেৱল সেয়াই নহয় ধুবুৰীৰ ‘‘শংকৰ দেৱ শিশু নিকেতন’’ৰ ছাত্ৰ আশুতোষে ‘‘সাধাৰণ গণিত’’ত এশৰ ভিতৰত এশ নম্বৰেই বুটলি বিষয়টোত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ তালিকাত নিজৰ নামো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’য়। তাৰোপৰি, অসমীয়াত ৯০, ইংৰাজী ৮৬, সাধাৰণ বিজ্ঞানত ৮৩ আৰু ঐচ্ছিক গণিতত ৯৮ নম্বৰ লাভ কৰি মুঠ ৬টা বিষয়ৰ ৫টাতে ‘‘লেটাৰ মাৰ্কচ’’ লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগ লাভ কৰিছে ছাত্ৰজনে। উল্লেখ্য যে, মেধাৱী এই ছাত্ৰগৰাকীৰ পিতৃ প্ৰৱীৰ ঘোষৰ ধুবুৰীত আছে এখন সৰু চাহৰ দোকান। চহৰখনৰ ১নং ৱাৰ্ডত থকা সেই দোকানখনত উদয়াস্ত খাটি অৰ্জন কৰা সামান্য ধনেৰে পোহপাল দি আহিছে নিজৰ সৰু পৰিয়ালটোক। আজি দিয়া মেট্ৰিক পৰীক্ষাত নিজ ৰ পুত্ৰই বুটলা সাফল্যত এতিয়া মুখত হাঁহি বিৰিঙিছে তেওঁৰ । অৱশ্যে আগলৈ গৈ এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লোৱা পুত্ৰক আগুৱাই যাবলৈ আৰ্থিক ভাৱে কিমানদূৰ সহায় কৰিব পাৰিব সেয়ালৈও চিন্তাক্লিষ্ট হৈ পৰাও দেখা গৈছে ধুবুৰী চহৰৰ বিষ্ণু চিনেমা হ’ল গলি অঞ্চলৰ বাসিন্দা প্ৰৱীৰ কুমাৰ ঘোষৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like